Local, Vocal, Global

সপ্তাহৰ ভিতৰত ক’ভিডৰ নতুন এছ’পি

শাৰদীয় দুর্গোৎসৱৰ পিছত ৰাজ্যৰ ক’ভিড পৰিস্থিতি সম্পর্কত অসম চৰকাৰে এসপ্তাহৰ ভিতৰত পর্যালোচনা কৰি সিদ্ধান্ত গ্রহণ কৰিব৷ মঙলবাৰে দিছপুৰত সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰিছে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ স্বাস্থ্যমন্ত্রী মহন্তই কয় যে দুর্গোৎসৱৰ পিছতে কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সভাপতিত্বত স্বাস্থ্য বিভাগ জৰুৰীভাৱে এখন বৈঠকত মিলিত হৈ দুর্গোৎসৱৰ পিছৰ ক’ভিড পৰিস্থিতিক লৈ আলোচনা কৰে৷

কাতি বিহুৰ বন্ধ সত্ত্বেও বৈঠকত মিলিত হৈ কিছু বিষয় পর্যালোচনা আৰু কিছু সিদ্ধান্ত ল’বলৈ আগবঢ়াৰ বিষয়ে জানিবলৈ দি স্বাস্থ্যমন্ত্রী মহন্তই কয় যে এসপ্তাহৰ ভিতৰত দুর্গোৎসৱৰ পিছৰ ক’ভিড পৰিস্থিতিৰ পর্যালোচনা সম্পূর্ণ কৰি চৰকাৰে যি ব্যৱস্থা ল’ব লাগে ল’ব৷ অহা ২–৪ দিনৰ ভিতৰতে চৰকাৰে সিদ্ধান্ত স্থিৰ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে৷