বিজেপিৰ আমোলত ছিণ্ডিকেটময় শ্ৰীৰামপুৰ !
বিজেপি নেতাৰ ছত্ৰছাঁয়াত ছিণ্ডিকেটৰাজ
গুণ্ডাৰাজৰ মাজেৰে চলিছে প্ৰমোদ বড়োৰ শাসন
ছিণ্ডিকেটময় শ্ৰীৰামপুৰত ক’ত হেৰাই দুৰ্নিতীৰ বিৰূদ্ধে শূণ্যসহনশীলতা?
শ্ৰীৰামপুৰ গেটৰ ছিণ্ডিকেটৰাজ সন্দৰ্ভত “আপ, অসম”ৰ সংবাদমেল
নিউজ ডেস্কঃ আম আদমী পাৰ্টী অসমৰ গণেশগুৰীস্থিত মুখ্য কাৰ্য্যালয়ত আজি অনুস্থিত হোৱা এখন সংবাদমেলত আপ অসমৰ ৰাজ্যিক যুটীয়া সম্পাদক জিতুল ডেকাই কয় শ্ৰীৰামপুৰ গেটত চলি থকা ছিণ্ডিকেটৰাজ বিজেপিৰ ছত্ৰছাঁয়াত চলিব ধৰিছে। শ্ৰীৰামপুৰৰ ছিণ্ডিকেট সন্দৰ্ভত শেহতিয়াকৈ আৰক্ষীয়ে অভিযান চলাই এগৰাকী জিলা পৰিৱহন বিষয়া আৰু ৩ গৰাকী Enforcement Checkerক গ্ৰেপ্তাৰ কৰিছে। পিছে এই ছিণ্ডিকেটৰ সৈতে আপৰ অভিযোগ মতে জড়িত বিজেপিৰ MCLA সজল সিংহক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই বিয়াগোম আৰক্ষী বিভাগ। বিতৰ্কিত এই বিজেপি নেতা গৰাকীৰ গ্ৰেপ্তাৰৰ দাবী কৰিলে আপ অসমে। এই বিজেপিৰ MCLA সজল সিংহ এতিয়াও পলাতক অৱস্থাত আছে। সজল সিংহৰ লগতে পলাই আছে বিজেপিৰ আৰু কেইবাজনো MCLA বৰ্তমানলৈকে পলাতক অৱস্থাত আছে। আপ অসমে এই পলৰীয়া বিজেপি নেতা কেইজনক BTR মুৰব্বী প্ৰমোদ বড়ো আৰু দিশপুৰৰ এটা শক্তিশালী চক্ৰই সহায় কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। সজল সিংৰ নেতৃত্বত শ্ৰীৰামপুৰত গুণ্ডাকৰ সংগ্ৰহৰ বাতৰি বিভিন্ন সময়ত প্ৰকাশ পাইছে।
আপ অসমৰ ৰাজ্যিক যুটীয়া সম্পাদক জিতুল ডেকাই আৰু কয় যে ছিণ্ডিকেটৰাজ জড়িত পৰিবহণ বিষয়া কৰ্মচাৰীক কেৱল গ্ৰেপ্তাৰ কৰি দায়িত্ব সামৰিলেই নহব আৰক্ষীয়ে ছিণ্ডিকেটৰাজ চলোৱা BJP MCLA সজল সিং এণ্ড কোম্পানীকো গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। সজল সিংক কিয় গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে সেয়া সন্দেহৰ আৱৰ্তত। এইগৰাকী সজল সিংক গ্ৰেপ্তাৰ কৰিলেই নিশ্চিতভাৱে পোহৰলৈ আহিব কোন কোন নেতাৰ পকেটত সোমাইছে শ্ৰীৰামপুৰ গেটৰ ছিণ্ডিকেটৰ দুই নম্বৰী ধন। আপৰ অভিযোগ, যদি কেনেবাকৈ কোনো বিজেপিৰ নেতা দুৰ্নীতিৰ অভিযোগত অভিযুক্ত হয় তেন্তে সেই দুৰ্নীতিৰ তদন্ত কেতিয়াও নহয়। গুৱাহাটী পৌৰ নিগমৰ ২০ কোটি টকাৰ বিয়াগোম দুৰ্নীতিৰ গেঁথেলামৰা তদন্ত আৰু শেহতীয়া শ্ৰীৰামপুৰৰ ছিণ্ডিকেটৰ লগত জড়িত বিজেপিৰ MCLA সদস্যক ৰক্ষণাবেক্ষণ দিয়া কাৰ্যই বিজেপিৰ দুমুখীয়া চৰিত্ৰ উদঙাই দিছে বুলি সংবাদমেলত আপ নেতৃত্বই উল্লেখ কৰিলে।
সংবাদমেলত আপ অসমে দেশৰ বিভিন্ন প্ৰান্তত ED,CBIৰ অভিযান সন্দৰ্ভত শাসক পক্ষক কটাক্ষ কৰাৰ সুযোগটো এৰি নিদিলে। আপে কয় যে ED,CBIৰ ব্যৱহাৰ আপৰ নেতাৰ পিছত লগোৱাতকৈ ED,CBIক শ্ৰীৰামপুৰত তদন্ত কৰাতহে নিয়োগ কৰা উচিত।
সপোন বড়াৰ প্ৰতিবেদন, MyNewsNE