Local, Vocal, Global

মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ Eknath Shinde ৰ

নিউজ ডেস্ক, ৩০ জুন : মহাৰাষ্ট্ৰ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান। ৰাজভৱনত অনুস্থিত হৈছে শপত গ্ৰহণ অনুষ্ঠান।

মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে Eknath Shindeএ । আৰু মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত লয় ।

Eknath Shinde আৰু Devendra Fadnavisক শপত বাক্য পাঠ কৰায় মহাৰাষ্ট্ৰৰ ৰাজ্যপাল Bhagat Singh Koshyariয়ে।

আনহাতে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে শিৱ সেনা, NCPৰ লগতে BJPৰ বিধায়ক ।

উল্লেখযোগ্য যে, ফাডনাভিছ আৰু চিন্দে পূৰ্বতে ৰাজ ভৱনত ৰাজ্যপাল ভগত সিং কোশিয়াৰীক লগ কৰিছিল য’ত তেওঁলোকে মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ দাবী কৰিছিল।