Local, Vocal, Global

দৰং জিলাৰ বিভিন্ন অঞ্চলত Swine Fluৰ আতংক

 নিউজ ডেস্ক, ১২ জুন : ৰাজ্যত পুনৰ Swine Fluৰ আতংক। দৰং জিলাৰ পাথৰিঘাট ,কমাৰপাৰা আৰু গধীয়া পাৰাত গাহৰিৰ গাত ধৰা পৰিছে Swine Flu।

বানপানীৰ পিছত জিলা খনত গাহৰিৰ গাত এই ৰোগ বিধে দেখা দিয়া পাছতেই তৎপৰ হৈ পৰিছে দৰং জিলা প্ৰশাসন।

মঙলদৈৰ নিকটৱৰ্তী কমাৰপাৰাত Swine Fluৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে প্ৰশাসনে একে দিনাই ১৫০টা গাহৰি হত্যা কৰি গাঁতত পুতি থয়।

সম্প্ৰতি, এই ঘটনাৰ বাবে চিন্তিত হৈ পৰিছে জিলাখনৰ গাহৰি পালক সকল।

অৱশ্যে গাহৰিৰ গাত দেখা দিয়া এই বিধ ৰোগৰ বাবে মানুহ চিন্তিত হোৱাৰ প্ৰয়োজন নাই বুলি বুলি প্ৰশাসনে জানিব দিয়ে।