Local, Vocal, Global

কামৰূপ জিলাত চাঞ্চল্যকৰ হত্যাকাণ্ড

নিউজ ডেস্ক, ১২ জুলাই : কামৰূপ জিলাৰ বকোত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড ।

কামৰূপ জিলাৰ বকো থানাৰ অন্তৰ্গত কমাৰগাঁৱত এগৰাকী যুৱকৰ বিৰুদ্ধে নিজ খুৰাকক হত্যা কৰাৰ অভিযোগ উথাপিত হৈছে।

খবৰ অনুসৰি, বকো থানাৰ অন্তৰ্গত কমাৰগাঁৱৰ লোচন কলিতা(২২) নামৰ যুৱকগৰাকীয়ে খুড়াক ডম্বৰু কলিতা(৪৫ ) ক সোমবাৰে বেয়াকৈ মাৰধৰ কৰে ।

গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত ডম্বৰু কলিতাক চিকিৎসাৰ বাবে মঙ্গলবাৰে ৩০খন বিচনাযুক্ত বকো গ্ৰাম্য চিকিৎসালয়লৈ নিছিল যদিও মাজ ৰাষ্ট্ৰাতে ডম্বৰু কলিতাৰ মৃত্যু হয় ।

আনহাতে, বকো আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত লোচন কলিতাক গ্ৰেপ্তাৰ কৰিছে ।