Local, Vocal, Global

বিহালীৰ বেদেতীত পথ দুৰ্ঘটনা

নিউজ ডেস্ক, ১২ জুলাই : ৰাজ্যত পুনৰ সংঘটিত হৈছে পথ দুৰ্ঘটনা । বিহালীৰ বেদেতীত সংঘটিত হৈছে পথ দুৰ্ঘটনা ৷

পথৰ দুৰবস্থাৰ বাবেই গুৱাহাটীৰ পৰা লক্ষীমপুৰ ঘিলামৰা অভিমুখে গৈ থকা বাৰ চকীয়া STAR চিমেন্ট কঢ়িওৱা এখন ট্ৰাক পথৰ দাতিত থকা দ খালত বাগৰি পৰে ।

দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ AS 01 GC 9517 ৷

উল্লেখ্য যে, দুৰঘটনাটোত ট্ৰাক চালক জন গুৰুতৰ ভাৱে আহত হোৱাৰ বিপৰিতে সম্পূৰ্ণ চিমেন্ট খালৰ পানীত নষ্ট হয় ৷

ঘটনা স্থলীত বিহালী আৰক্ষী উপস্থিত হৈ চালক জনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

আনহাতে স্থানীয় ৰাইজে পথ নিৰ্মাণকাৰী সংস্থা DCC ক উক্ত দুৰ্ঘটনাৰ বাবে জগৰীয়া বুলি ক্ষোভ প্ৰকাশ কৰিছে ৷