Local, Vocal, Global

কিয় মমতা দিদিৰ মনোনয়ন পত্ৰ বাতিল কৰাৰ দাবী জনালে বিজেপি প্ৰাৰ্থী সুভেন্দু অধিকাৰীয়ে ?

পশ্চিমবংগৰ নন্দীগ্ৰামত প্ৰধানতঃ হ’বলগীয়া মমতা বেনাৰ্জী বনাম সুভেন্দু অধিকাৰীৰ নিৰ্বাচনী যুঁজখনে তীব্ৰ চর্চা লাভ কৰা পৰিলক্ষিত হৈছে । নিৰ্বাচনী প্ৰচাৰৰ প্ৰতিযোগিতাত ইজনে আনজনক দোষাৰোপ কৰা স্বাভাৱিক যদিও বিজেপিৰ প্ৰাৰ্থী সুভেন্দু অধিকাৰীৰ এক বিশেষ মন্তব্যই নন্দীগ্ৰামৰ লগতে সমগ্ৰ পশ্চিমবংগত তোলপাৰ লগাইছে । মমতা বেনাৰ্জীৰ বিৰুদ্ধে অধিকাৰীয়ে কয় যে – আগন্তুক বিধানসভা নিৰ্বাচনত নন্দীগ্ৰামৰ পৰা প্ৰতিদ্বন্দিতা কৰা মমতাৰ বিৰুদ্ধে ৬টাকৈ গোচৰ ৰুজু হৈ আছে । কিন্তু এই গোচৰ সমূহৰ বিষয়ে মনোনয়ন পত্ৰত কোনো উল্লেখ কৰা নাই মমতা বেনাৰ্জীয়ে । সেই অজুঁহাতত মমতাৰ মনোনয়ন পত্ৰ বাতিল কৰাৰ দাবী জনাইছে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে । অসমত ৫টা আৰু খোদ চিবিআইয়ে ৰুজু কৰা এটা গোচৰকে সাঙুৰি মুঠ ৬টা গোচৰ মমতাৰ বিৰুদ্ধে উত্থাপন হৈ আছে বুলি তেওঁ মন্তব্য কৰে । উল্লেখযোগ্য যে গীতানগৰ আৰক্ষী থানা আৰু পাণবজাৰ আৰক্ষী থানাত (২০১৮ চনত) NRC ৰ বিৰুদ্ধে কৰা প্ৰৰোচনামূলক মন্তব্যৰ বাবে বেনাৰ্জীৰ বিৰুদ্ধে অসমত এই গোচৰ সমূহ ৰুজু হৈছিল বুলি অধিকাৰীয়ে অভিযোগ তোলে ।