Several Political Figures Including Expelled Congress Leader Angkita Dutta To Join BJP Today : গেৰুৱা বসন পিন্ধিবলৈ সাজু অংকিতা, বিস্মিতা
নিউজ ডেস্ক, ২৮ জানুৱাৰী : কংগ্ৰেছত ব্যাপক খহনীয়া । আগন্তুক লোকসভাৰ নিৰ্বাচন । নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক তথা বিৰোধী পক্ষ, কিন্তু তাৰ পূৰ্বে কংগ্ৰেছত দেখা দিছে খহনীয়তাই । এইবাৰ কংগ্ৰেছ নেতাৰ বিজেপিত যোগদান। কংগ্ৰেছী নেতাৰ বিজেপিত যোগদানক লৈ এতিয়া কংগ্ৰেছৰ ভিতৰচৰাত জোকাৰণি সৃষ্টি কৰিছে(Several political figures including ousted Congress leader Angkita Dutta to join BJP today)।
আজি কংগ্ৰেছৰ নেতা বিজেপিত যোগদানৰ সম্ভাৱনা আছে ! লোকসভা নিৰ্বাচনৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছত পুনৰ জোকাৰণি। ৰাহুল গান্ধীয়ে অসমত ৮ দিন ধৰি ন্যায় যাত্ৰা কৰি যোৱাৰ পিছতেই নৈৰ গৰাৰ দৰে খহিছে কংগ্ৰেছৰ ভেটি । অসমত ন্যায় যাত্ৰাৰ পিছতে লাগিল কেণা। এইবাৰ কংগ্ৰেছ এৰিলে প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে(Several Political Figures Including Expelled Congress Leader Angkita Dutta To Join BJP Today)।
জানিব পৰা মতে,কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী বিস্মিতাই আজি বিজেপিত যোগদান কৰিব। ইয়াৰোপৰিও কংগ্ৰেছৰ যুৱ নেত্ৰী অংকিতা দত্তয়ো (Angkita Dutta) বিজেপিত যোগদান কৰিব বুলি খবৰ পোৱা গৈছে।
ইতিমধ্যে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী বিস্মিতাই দলৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। ইফালে আনুষ্ঠানিকভাৱে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিব অংকিতা দত্তয়ো(Suspended Assam Congress leader Angkita Dutta set to join BJP today)।
ইফালে বিজেপিত যোগদান কৰিবলৈ সাজু ‘কা’ আন্দোলনৰ অন্যতম নেতা তথা আছুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথ (Dipanka Kumar Nath)। দীপাংক নাথৰ উপৰি আছুৰ প্ৰাক্তন শিক্ষা সম্পাদক প্ৰকাশ দাসেও গেৰুৱা বসন পিন্ধিব। অসম জাতীয় পৰিষদ চমুকৈ অজাপৰ নেতা চিত্তৰঞ্জন বসুমতাৰী আৰু প্ৰাক্তন আপ নেতা কমল কুমাৰ মেধিয়েও বিজেপি দলত যোগদান কৰিব। এই কেইজন নেতাই কেইবাজনো সদস্য, সমৰ্থকক লগত লৈ বিজেপিত যোগদান কৰিব।
উল্লেখ্য যে , ৰাজ্যৰ ৰাজনীতিত নতুন আলোড়নৰ সৃষ্টি কৰি আজি বিজেপিত যোগদান কৰিবলৈ সাজু হৈছে কেইবাজনো নেতা। লোকসভা নিৰ্বাচনৰ পূৰ্বে আজি বাজপেয়ী ভৱনত কেইবাজনো নেতাই গেৰুৱা বসন পিন্ধিব।