Local, Vocal, Global

অসম, মণিপুৰ, নাগালেণ্ডত আফছপাৰ পৰিসৰ হ্ৰাস- অমিত শ্বাহৰ বিশেষ টুইট

নিউজ ডেস্ক, ৩১ মাৰ্চঃ অসম, মণিপুৰ, নাগালেণ্ডত জাপি থোৱা আফছপাৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে ঘোষণা কৰে বুলি কয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টুইটযোগে কয় যে, অসম, মণিপুৰ, নাগালেণ্ডত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ অধীনৰ এলেকাসমূহ হ্ৰাস কৰা হৈছে।

উল্লেখযোগ্য যে, নাগালেণ্ডৰ মন জিলাত বিগত বৰ্ষৰ ডিচেম্বৰ মাহত সেনাবাহিনীৰ হাতত ১৪ জনকৈ সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ পাছত সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰাৰ বাবে হোৱা ধাৰাবাহিক প্ৰতিবাদৰ ফলতে কেন্দ্ৰীয় চৰকাৰে অসম, নাগালেণ্ড আৰু মণিপুৰত সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনৰ অধীনত থকা অঞ্চলৰ পৰিসৰ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ধাৰণা কৰা হৈছে।