Local, Vocal, Global

74 arrested for allegedly raping 7 year old girl : ৭ বছৰীয়া শিশুক ধৰ্ষণ কৰাৰ অভিযোগ ৭৪ বছৰীয়া অৱসৰপ্ৰাপ্ত আৰক্ষীৰ উপ-পৰিদৰ্শকৰ বিৰুদ্ধে

নেশ্যনেল ডেস্ক, ১৬আগষ্ট : দেশত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনাৰ । নিতৌ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে অপৰাধজনিত ঘটনাই(74 arrested for allegedly raping 7 year old girl) ।
কোনোবাখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । বেটি পঢ়াও, বেটি বচাও শ্লোগান দিয়া চৰকাৰখনে নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে নেকি দেশৰ মহিলা , যুৱতীক । নাৰী হৈ জন্ম হোৱাতোৱেই যেন বৰ্তমান সময়ত দুৰ্বলতা(Bengaluru Ex Cop 74 Arrested For Allegedly Raping 7 Year Old Girl) ।

বিকৃত যৌন মানসিকতাৰ চিকাৰ হৈছে শিশু ।গাৰ নোম শিয়ৰি উঠা আন এক ঘটনা । দাক্ষিণাত্যৰ চহৰ বাংগালুৰুত সংঘটিত হৈছে আন এক জঘন্য ঘটনাৰ । ৭৪ বছৰীয়া অৱসৰপ্ৰাপ্ত আৰক্ষীৰ উপ-পৰিদৰ্শকৰ কামনাৰ বলি হ’ল ৭বছৰীয়া শিশু ।পাষান ব্যক্তিগৰাকীয়ে ধৰ্ষণ কৰিলে তেওঁৰ ঘৰত ভাড়াতীয়া হিচাপে থকা ৭বছৰীয়া শিশুক ।

ভুক্তভোগীৰ মাতৃৰ ভাষ্য অনুসৰি , সোমবাৰে নিশা প্ৰায় ৮:৩০ বজাত শিশুটিয়ে খেলি থাকোতে তলৰ মহলত খেলনা এটা পৰি যায় আৰু শিশুটিয়ে খেলনা বুটলিলৈ যায় আৰু বহুসময়ৰ ধৰি ঘূৰি নাহে । কিছুসময় পিছত শিশুটিয়ে কান্দি কান্দি ওপৰলৈ আহে আৰু শিশুটিৰ ওঁঠ ফুলি উঠা পৰিলক্ষিত কৰে মাতৃয়ে । মাতৃয়ে শিশুটিৰ এনে অৱস্থাত দেখি প্ৰশ্ন কৰে মাতৃয়ে আৰু তেতিয়াই শিশুটিয়ে ভয়ত বিতত হৈ পৰে আৰু তেতিয়াই শিশুটিয়ে কান্দিবলৈ ধৰে(Former Bengaluru cop arrested on charges of raping 7 yr old girl) ।

তেতিয়াই শিশুটিয়ে এই ঘটনাৰ বিষয়ে কয় আৰু শিশুটিৰ পিতৃয়ে অভিযুক্তৰ লগতে কথা পাতিবলৈ তলৰ মহলালৈ যায় আৰু সেয় সময়ত অৱসৰপ্ৰাপ্ত উপ-পৰিদৰ্শকৰ পুত্ৰই তেওঁক ভাবুকি দিয়ে বুলি দাবী জনাই শিশুটিৰ পিতৃৰে। অভিযুক্তৰ পুত্ৰই আৰক্ষী বিভাগতো কাম কৰে বুলিও কয় আৰু লগতে কয় যে তেওঁ বহু গুণ্ডাক চিনি পায় বুলিও ভাবুকি দিয়ে। আৰু এই ঘটনাক গাপ দিবলৈ ধনৰ লোভ দেখুৱাই মনে মনে থাকিবলৈ ভাবুকি দিয়ে ।

ইয়াৰ পিছতে শিশুটিৰ পিতৃয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে । এফআইআৰ ৰুজু কৰি যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা (পিঅ’চিএছঅ’) আইনৰ ধাৰাত গোচৰ ৰুজু কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক : Indrani Tahbildar Death Case : বিজেপি নেত্ৰীৰ আত্মহনন; চানমাৰি থানাত অনুৰাগ চলিহাক জেৰা !