Local, Vocal, Global

আজি শ্বহীদ সুনীল কলিতাৰ মৃত্যু বাৰ্ষিকী, এবছৰে নিৰ্মাণ নহ’ল স্মৃতিসৌধ

২০১৯ বৰ্ষত ঝাৰখণ্ডত মাওবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ হোৱা সুনীল কলিতাৰ আজি মৃত্যু বাৰ্ষিকী  । কামৰূপ জিলাৰ পালাৰা গাঁৱৰ  চি আৰ পি এফৰ ৰ জোৱান  সুনীল কলিতাক আজি ৰাজহুৱাভাৱে স্মৰণ কৰে চি আৰ পি এফৰ শীৰ্ষ বিষয়াসকলৰ লগতে সমুহ গাঁওবাসীয়ে। পুৱাৰ পৰা শ্বহীদ গৰাকীৰ ঘৰত চি আৰ পি এফৰ শীৰ্ষ বিষয়াসকল উপস্থিত হৈ শ্বহীদ গৰাকীক স্মৰণ কৰে। আনহাতে শ্বহীদ গৰাকীৰ পত্নীক আজিলৈকে অসম চৰকাৰে কোনো সা-সুবিধা প্রদান নকৰাৰ  অভিযোগ তুলিছে স্বয়ং পত্নী গৰাকীয়ে । বিয়াৰ এমাহ পিছতে বিধৱাৰ সাজ পিন্ধা সুনীল কলিতাৰ পত্নীক অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়েও এটা কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰিব বুলি আশ্বাস দিছিল যদিও সেয়া আজিলৈকে ফুটুকাৰ ফেন হৈ ৰ’ল। মুখ্যমন্ত্ৰী গৰাকীক সাক্ষাৎ  কৰিবলৈ সক্ষম নহ’ল বুলি শ্বহীদ সুনীল কলিতাৰ পত্নী গৰাকীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । আনহাতে শ্বহীদ গৰাকীৰ নামত এটা স্মৃতিসৌধ নিৰ্মাণ কৰা হব বুলি চৰকাৰে প্ৰতিশ্ৰুতি দিছিল সেয়াও আজিলৈকে হৈ নুঠাত উদ্বেগৰ সৃষ্টি হৈছে সচেতন মহলত ।