Local, Vocal, Global

টিনপাতৰ চালিৰ তলত দুৰ্বিসহ জীৱন এগৰাকী অসাধাৰণ ব্যক্তিৰ

গোহালি সদৃশ পৰিৱেশৰ মাজত এটা পৰিয়ালৰ কৰুণ কাহিনী

দৰিদ্ৰতাই পিষ্ট কৰা বজালীৰ এটা দুৰ্ভগীয়া পৰিয়াল

দুৰ্ঘটনাত হাত-ভৰি হেৰুওৱা পিতৃৰ স’তে দুই সন্তানৰ জীৱন সংগ্ৰাম

এখন টিনপাতৰ চালিৰ তলত দুৰ্বিসহ জীৱন সংগ্ৰাম

একমাত্ৰ এখন টিনপাতৰ চালিৰ তলত দৰিদ্ৰতাই পিষ্ট কৰা এটা পৰিয়ালে অতি দুৰ্বিসহ জীৱন অতিবাহিত কৰিছে।

দুৰ্ঘটনাত হাত-ভৰি হেৰুওৱা একমাত্ৰ পিতৃৰ স’তে দুই কনমানি সন্তানে অতিবাহিত কৰিছে দুখ-যন্ত্ৰতাৰে ভৰা দিনবোৰ। চৰকাৰৰ কোনো উন্নয়নমূলক আঁচনিয়েও ঢুকি পোৱা নাই এই পৰিয়ালটোক৷

বজালী মহকুমাৰ ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত কলবাৰী গাঁৱৰ কঁঠালতলীয়া হাতীৰ নিবাৰন ঠাকুৰীয়া নামৰ ব্যক্তিজনে ট্ৰেইনত চানা বিক্ৰী কৰি পৰিয়াল পোহ-পাল দি আহিছিল। ২০১৫ৰ এপ্ৰিল মাহত  নিবাৰনে ট্ৰেইনৰ পৰা পৰি এখন হাত হেৰুওৱাৰ উপৰি এখন ভৰিৰ এক অংশও চিৰদিনৰ বাবে হেৰুৱাইছিল। দুই সন্তানৰ এইগৰাকী দুৰ্ভগীয়া পিতৃয়ে নিজৰ দুৰ্ঘটনাৰ পূৰ্বে নিজ পত্নীকো চিৰদিনৰ বাবে হেৰুৱাইছিল। একমাত্ৰ এখন চালিঘৰৰ তলতে এতিয়া এইগৰাকী পিতৃয়ে খুজি-মাগি নিজৰ দুই সন্তানক বিদ্যালয়ত শিক্ষা গ্ৰহণৰ সুবিধা দি অহাৰ উপৰি লালন-পালন কৰি আহিছে। নিবাৰন ঠাকুৰীয়াৰ ডাঙৰ ল’ৰাজন এইবাৰ নৱম শ্ৰেনীত আৰু সৰুজন পঞ্চম শ্ৰেনীত অধ্যয়নৰত । কোনো ধৰনৰ চৰকাৰী, উন্নয়নমূলক আঁচনিয়ে ঢুকি নোপোৱা এই পৰিয়ালটোৱে এতিয়া ৰাইজৰ সহায় বিচাৰিছে অসম গ্ৰামীণ বিকাশ বেংকৰ 7298010249652 নম্বৰ একাউন্ট, ( IFSC- UTBIORRBAGB) নম্বৰত।