Local, Vocal, Global

২০১৫ত ভূপতিত হোৱা ছুখই–৩০ বিমানৰ আজিও কুফল ভুগিছে নগাঁৱৰ জুৰীয়াৰ কলাডুবাৰ ৰাইজে

২০১৫ চনৰ সেই অভিশপ্ত দিনটোৰ কথা এতিয়াও পাহৰিব পৰা নাই নগাঁও জিলাৰ জুৰীয়াৰ পূব কলাডুবাৰ ৰাইজে। এটা প্ৰকাণ্ড শব্দই জোকাৰিছিল পূব কলাডুৱা অঞ্চল। ভাৰতীয় বায়ু সেনাৰ এখন চুখই-৩০ যুদ্ধ বিমান তেজপুৰৰ পৰা উৰা মৰাৰ কিছু সময় পিছতে ভূপতিত হৈ পোন্ধৰ ফুট দ গাতৰ সৃষ্টি কৰি সোমাই পৰিছিল পূব কলাডুৱাৰ ধাননি পথাৰত। অৱশ্যে বিমানখনৰ দুজন চালকে বিমানখনৰ পৰা ইজেক্ট হৈ পেৰাছুটেৰে নিজৰ প্ৰাণ ৰক্ষা কৰিছিল৷ পিছে এই বিমান দুৰ্ঘটনাৰ ছয়টাকৈ বছৰ অতিক্ৰম হোৱাৰ পিছতো আজিও ইয়াৰ কুফল ভোগ কৰি আহিছে ৰাইজে।

কেইবাদিনো অভিযান চলাই বৃহৎ পুখুৰীসদৃশ গাত খান্দি  দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ব্লেক বক্সৰ লগতে আন  কিছু অংশ উদ্ধাৰ কৰা হৈছিল। দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হৈছিল পাঁচজনকৈ স্থানীয় লোক।

উল্লেখযোগ্য যে বিমানখনৰ ইন্ধনৰ প্ৰভাৱ আজিলৈকে খেতি পথাৰত থকাৰ ফলত মাছৰ লগতে শস্য উৎপাদনৰ ক্ষেত্ৰত ক্ষতিৰ সন্মুখীন হৈছে বহু কৃষকে। দুৰ্ঘটনাৰ পিছতেই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ দিয়াৰ লগতে আহতসকলক উপযুক্ত চিকিৎসা সাহায্য প্ৰদানৰ আশ্বাস দিছিল যদিও আজিলৈকে ফুটাকড়িও নাপালে দুৰ্ভগীয়া পৰিয়ালসমূহে। দুৰ্ভগীয়া পৰিয়ালকেইটাই সাহায্যৰ ব্যৱস্থা কৰি দিবলৈ  মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো৷