Sukhbir Singh Badal Shot At In Golden Temple :স্বৰ্ণমন্দিৰত গুলীচালনা;শিৰোমণি আকালী দলৰ নেতা সুখবীৰ সিং বাদললৈ লক্ষ্য কৰি গুলীচালনা
নিউজ ডেস্ক,৪ডিচেম্বৰ : স্বৰ্ণমন্দিৰত গুলীচালনা। শিৰোমণি আকালী দলৰ নেতা সুখবীৰ সিং বাদললৈ লক্ষ্য কৰি গুলীচালনা।
বুধবাৰে পুৱা পঞ্জাৱৰ অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ বাহিৰত সংঘটিত হয় এই ঘটনাটো। কিন্তু কথমপি প্ৰাণ ৰক্ষা পৰে সুখবীৰ সিং বাদলৰ। গুলীটোৱে তেওঁক আঘাত কৰা নাছিল।
নাৰায়ণ সিং নামৰ এজন লোকে গুলীচালনা কৰে সুখবীৰলৈ। নাৰায়ণ সিঙৰ পৰা জব্দ এটা পিষ্টল। নাৰায়ণ সিং খালিস্তানী সন্ত্ৰাসবাদী বুলি সন্দেহ(Sukhbir Singh Badal Shot At In Golden Temple)।
উল্লেখ্য যে সুখবীৰ সিং বাদল শিৰোমণি আকালী দলৰ নেতা। দুবাৰকৈ পঞ্জাৱৰ উপ-মুখ্যমন্ত্ৰী আছিল বাদল।
লগতে পঢ়ক :Road Accident in Dhemaji :দ্ৰুত বেগী ডাম্পাৰে মহতিয়াই নিলে এজন লোকক