Road Accident in Dhemaji :দ্ৰুত বেগী ডাম্পাৰে মহতিয়াই নিলে এজন লোকক

নিউজ ডেস্ক,৪ডিচেম্বৰ : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য । একাংশ উদণ্ড ডাম্পাৰ চালকৰ বাবে ৰাজ্যত নিতৌ সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ ভয়ত এতিয়া পথলৈ ওলাই আহিবলৈ ভয় কৰা হৈছে সাধাৰণ লোকে ।এই ডাম্পাৰৰ বাবে সংঘটিত হৈ অহা পথ দুৰ্ঘটনাই দৈনিক সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে (Sensational Incident)।
ডাম্পাৰৰ দৌৰাত্ম্যই অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে পথৰ কাষত বসবাস কৰি অহা আৱাসিকলক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰাই অধিকাংশ ডাম্পাৰে দৌৰাত্ম্য অব্যাহত ৰখাৰ পিছতো ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আহিছে পৰিবহণ বিভাগৰ লগতে প্ৰশাসনে(Road Accident in Dhemaji)।
পুনৰ ৰাজ্যত ডাম্পাৰৰ দৌৰাত্ম্য।ডাম্পাৰৰ চেপাত মৃত্যু হয় এজনৰ
বুধবাৰে পুৱা ধেমাজীৰ গোগামুখত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।গোগামুখত ডাম্পাৰৰ চেপাত মৃত্যু হয় এজন লোকৰ।
জানিব পৰা মতে, গোগামুখৰ এন এইচ পি চি ৰোডত এখন দ্ৰুত বেগী ডাম্পাৰে মহতিয়াই লৈ যায় এজন লোকক।ডাম্পাৰৰ খুণ্ডাত মত্যু হয় লোকজনৰ। এই পৰ্যন্ত নিহত লোকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই। ইতিমধ্যে প্ৰত্যক্ষদৰ্শীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ কৰিছে। আৰক্ষীৰ তদন্তৰ পাছত হে লোকজনৰ পৰিচয় উদ্ধাৰ হ’ব।
লগতে পঢ়ক :Himanta Biswa Sarma meets Union ministers:দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ