এমহীয়া শিশুৰ দেহত ৫০০ গ্ৰাম ওজন টিউমাৰৰ সফল অস্ত্ৰোপচাৰ

নিউজ ডেস্ক,৪ মাৰ্চঃ এমহীয়া শিশুৰ দেহৰ পৰা ৫০০ গ্ৰাম ওজনৰ টিউমাৰ অস্ত্ৰোপচাৰৰ জৰিয়তে আতৰাবলৈ সক্ষম হ’ল গুৱাহাটীৰ হেলথ চিটী হাস্পটাল। এমহীয়া কন্যা শিশুৰ নিম্নাংশত জন্মগতভাৱে হোৱা ৫০০ গ্ৰাম ওজনৰ মূৰৰ আকৃতিৰ এটা টিউমাৰ সফলভাৱে আতৰাবলৈ সক্ষম হৈছে চিকিৎসকৰ এটা দলে।
শল্য চিকিৎসকৰ দলটোৱে ৩ ঘণ্টা সময় ধৰি চলোৱা অস্ত্ৰোপচাৰৰ অন্তত বিশাল আকৃতিৰ টিউমাৰটো শিশুটিৰ কোনো ক্ষতি নোহোৱাকৈ আতৰাবলৈ সক্ষম হয়। উত্তৰ-পূৰ্বাঞ্চলত কোনো শিশুৰ দেহৰ ৩০ শতাংশ ওজনৰ টিউমাৰৰ এয়াই প্ৰথম সফল অস্ত্ৰোপচাৰ।
এক প্ৰেছ বিবৃতি যোগে আজি এই তথ্য সদৰী কৰিছে হেল্থ চিটী হাস্পটালৰ ফেচিলিটী ডাইৰেক্তৰ পৰাগজ্যোতি দত্তই। আনহাতে দেহৰ ৩০ শতাংশ ওজনৰ টিউমাৰ আতৰোৱা অস্ত্ৰোপচাৰক প্ৰত্যাহ্বানমূলক বুলি মন্তব্য কৰিছে স্নায়ু শল্য চিকিৎসক ডাঃ এন কে দাসে।