Local, Vocal, Global

সোণাৰিৰ আৰক্ষী ৰিজাৰ্ভত ভয়াবহ অগ্নিকাণ্ড

নিউজ ডেস্ক,৪ মাৰ্চঃ শুকুৰবাৰে পুৱা চৰাইদেউ জিলাৰ সোণাৰিৰ টাওকাত ভয়ানক অগ্নিকাণ্ড সংঘটিত হয়। চৰাইদেউ জিলা আৰক্ষীৰ ৰিজাৰ্ভত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত আৰক্ষী ৰিজাৰ্ভৰ কেইবা লাখ টকাৰ সামগ্ৰী জুইত ভষ্মীভূত হয়। লগতে ৰিজাৰ্ভত থকা কেইবাখনো বাহনো জুইত ভষ্মীভূত হয়।
      জানিব পৰা মতে, বৈদ্যুতিক বিজুতিৰ ফলত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। অগ্নিনিৰ্বাপক বাহিনীৰ এটা দলে প্ৰায় দুঘণ্টা ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।