Local, Vocal, Global

পাকিস্তানৰ মছজিদত ভয়ংকৰ বোমা বিষ্ফোৰণ- মৃত্যু ৩০জন, আহত কেইবাজনো

নিউজ ডেস্ক, ৪ মাৰ্চঃ পাকিস্তানৰ পেশ্বাৱাৰ চহৰৰ এটা মছজিদত শুকুৰবাৰে সংঘটিত হৈছে ভয়ংকৰ বোমা বিষ্ফোৰণ। এই বিষ্ফোৰণত ৩০ জন লোকৰ মৃত্যু হৈছে । তাৰোপৰি প্ৰায় ৫০ জনৰো অধিক লোক গুৰুতৰভাৱে আহত হয়। আহত লোককেইজনক ততাতৈয়াকৈ হাস্পটালত ভৰ্তি কৰোৱা হয়।
         খবৰ অনুসৰি দুজন লোকে চহৰখনৰ মছজিদত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল আৰু তাত থিয় হৈ থকা আৰক্ষীৰ ওপৰত গুলীচালনা কৰিছিল। ইয়াৰে এজন আৰক্ষী নিহত হয় আৰু এজন গুৰুতৰভাৱে আহত হয়। ইয়াৰপিছতে মছজিদত ভয়ংকৰ বিষ্ফোৰণ সংঘটিত হয়।