Police officer caught taking bribe : উৎকোচ লৈ চাকৰিৰ পৰা বৰ্খাস্ত আৰক্ষী উপ-পৰিদৰ্শক ধীৰাজ জ্যোতি নমঃশূদ্ৰ
নিউজ ডেস্ক, ১০ জুলাই : অসম আৰক্ষীত অব্যাহত আছে দুৰ্নীতি কাৰ্যত লিপ্ত থকা আৰক্ষীৰ বিৰুদ্ধে চাফাই অভিযান (Police officer caught taking bribe)। এইবাৰ ভুক্তভোগী মহিলাৰ পৰা ধনদাবী কৰাৰ অভিযোগত চাকৰিৰ পৰা বৰ্খাস্ত হ’ল আৰক্ষী উপ-পৰিদৰ্শক ধীৰাজ জ্যোতি নমঃশূদ্ৰই ৷
পুনৰ অসম আৰক্ষীক কলংকিত কৰিলে আন এজন আৰক্ষী বিষয়াই ৷ উৎকোচ লৈ চাকৰিৰ পৰা বৰ্খাস্ত হ’ল আৰক্ষী উপ-পৰিদৰ্শক ধীৰাজ জ্যোতি নমঃশূদ্ৰৰ ৷ আৰক্ষী প্ৰধান সঞ্চালক জি পি সিঙে টুইটযোগে ঘোষণা কৰে এই কথা । গোচৰ মীমাংসাৰ বাবে এগৰাকী ভুক্তভোগী মহিলাৰ পৰা ধনদাবী কৰাৰ অভিযোগ আৰক্ষী উপ-পৰিদৰ্শকগৰাকীৰ বিৰুদ্ধে ৷
উল্লেখ্য যে, কেইদিনমান পূৰ্বে অসম আৰক্ষীৰ প্ৰধান সঞ্চালক জি পি সিঙে জিলা আৰক্ষী বিষয়া লগতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকললৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল(DGP GP Singh) । কোনো আৰক্ষী বিষয়া যদি আইন বিৰোধী বা অপৰাধজনিত ঘটনাৰ সৈতে জড়িত হোৱা উপযুক্ত প্ৰমাণ লাভ কৰে, শীঘ্ৰে সেই আৰক্ষী বিষয়াগৰাকীক চাকৰি পৰা বৰ্খাস্ত কৰা হ’ব বুলি কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল ।
উল্লেখ্য যে, আৰক্ষী উপ-পৰিদৰ্শক ধীৰাজ জ্যোতি নমঃশূদ্ৰক ২০২২ চনৰ ৮ ডিচেম্বৰত গহপুৰ মহকুমা আৰক্ষী থানাত কৰ্মৰত অৱস্থাত ধেনুধৰাৰ এগৰাকী ভুক্তভোগী মহিলাৰ পৰা এক গোচৰ সন্দৰ্ভত ধনদাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ নমঃশূদ্ৰই মহিলাগৰাকীৰ পৰা গোচৰ মীমাংসা কৰি দিয়া নামত এক লাখ টকাৰ দাবী কৰিছিল ৷ সেই অনুসৰি ভুক্তভোগী মহিলাগৰাকীয়ে এক লাখ টকাৰ ভিতৰত আগধন হিচাপে ২০ হাজাৰ টকা দিওঁতে হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হৈ ৰঙাঘৰলৈ গৈছিল আৰক্ষী বিষয়াগৰাকী ।
কেইবামাহৰ পাছত জেলৰ পৰা আহি পুনৰ বিশ্বনাথ চাৰিআলিত চাকৰি যোগদান কৰে আৰক্ষী উপ পৰিদৰ্শক ধীৰাজ জ্যোতি নমঃশূদ্র । ইফালে দুৰ্নীতি নিবাৰক শাখাই আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ৰুজু হৈ থকা ACB PS Case NO 56/2022U/S-120 (B)IPS R/W sec 7 গোচৰটোৰ তদন্ত অব্যাহত ৰাখিছিল । সেই অনুসৰি বিশ্বনাথত কৰ্মৰত হৈ থকা অৱস্থাত দেওবাৰে তেওঁক উক্ত ঘটনাৰ সন্দৰ্ভত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় ৷
লগতে পঢ়ক : 2024 Lok Sabha polls: বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নাড্ডাৰ অধ্যক্ষতাত হায়দৰাবাদত আঞ্চলিক পৰামৰ্শদাতা বৈঠক