Local, Vocal, Global

Tomato Price Hike: চুৰি হোৱাৰ ভয়ত বিলাহীক সুৰক্ষা দিবলৈ পাচলি বেপাৰীয়ে নিয়োগ কৰিছে বাউন্সাৰ

নেশ্যনেল ডেস্ক, ১০ জুলাই: অন্যন্য পাচলিৰ মূল্যক কৰবাতে এৰি বিলাহীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সমগ্ৰ দেশজুৰি লাভ কৰিছে ব্যাপক চৰ্চা । প্ৰতি কেজি বিলাহীৰ মূল্যই অতিক্ৰম কৰিছে ১৫০ টকা (Tomato Price Hike) । এনে পৰিস্থিতিত সাধাৰণ মধ্যবিত্ত শ্ৰেণীটোয়ে বিলাহী কিনাটোতো বহু দূৰৰে কথা, এই পাচলিবিধৰ কথা ভাবিবলৈও দুবাৰ চিন্তা কৰিব লগা হৈছে । দেশৰ প্ৰায় সকলো ঠাইতে এতিয়া এনে দৃশ্য দেখিবলৈ পোৱা গৈছে (160 per kg of tomato) । ইফালে উত্তৰ প্ৰদেশৰ বাৰাণসীত যি দৃশ্য দেখিবলৈ পোৱা গ’ল সেয়া আৰু আমোদজনক । চুৰি হোৱাৰ ভয়ত বিলাহীক সুৰক্ষা দিবলৈ এজন পাচলি বিক্ৰেতাই নিয়োগ কৰিবলগীয়া হৈছে নিৰাপত্তাৰক্ষী অৰ্থাৎ বাউন্সাৰ (Vegetable Vendor in UPs Varanasi Hires Bounces) ।

এতিয়া বিলাহীৰ মূল্যবৃদ্ধিয়ে প্ৰভাৱ পেলাইছে প্ৰতিখন ঘৰত । কোনো কোনো স্থানত বোলে মানুহে পাচলীৰ দোকানৰ পৰা চুৰিও কৰিছে বিলাহী । এনে পৰিপেক্ষিতত বিলাহীক সুৰক্ষা দিবলৈ বাউন্সাৰ নিয়োগ কৰিছে বাৰাণসীৰ পাচলি বিক্ৰেতা অজয় ​​ফৌজীয়ে । তেওঁ কয় যে বিলাহীৰ মূল্যবৃদ্ধিয়ে এনে এটা পৰ্যায়ত উপনীত হৈছেগৈ যে কোনো কোনোৱে দোকানৰ পৰাই বিলাহী চুৰি কৰি পলাই গৈছে। গতিকে বিলাহীৰ লগতে অন্যন্য পাচলিবোৰক বচাবলৈ তেওঁ বাউন্সাৰ নিয়োগ কৰিবলগীয়া হৈছে । তেওঁ উল্লেখ কৰা অনুসৰি সেই অঞ্চলটোত এতিয়া প্ৰতি কিল’ বিলাহীৰ মূল্যই ১৬০ টকা অতিক্ৰম কৰিছে ।

বিলাহীক লৈ সাধাৰণ লোকৰ মাজত ইমানেই হাহাকাৰ লাগিছে যে পাচলী বেপাৰীয়ে বিলাহীক এনেয়ে চুই চাবলৈকো গ্ৰাহকক বাধা দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । একাংশ পাচলী বেপাৰীয়ে ক্ৰয় নকৰিলে গ্ৰাহকক বিলাহীক চুব নিদিয়াটোতো বাদেই বিলাহীৰ টোপোলাৰ ওচৰলৈও যাবলৈ বাধা দিব লগা হৈছে (150 per kg of tomato)।

বাৰাণসীৰে আন এজন পাচলি বেপাৰীৰ মতে, বজাৰত এতিয়া আটাইতকৈ মূল্যৱান পাচলীবিধেই হৈছে বিলাহী । যোৱা ৩ দিনত ইয়াৰ মূল্য বৃদ্ধি হৈ অতিক্ৰম কৰিছে ১৬০ টকা । গ্ৰাহকসকলে বিলাহী কিনিম বুলি ভাবিও থমকি ৰয় আৰু আঁতৰি যায় । এনে পৰিস্থিতিত লোকচানৰ ভয়ত কম দামতো তেওলোকে বিলাহীবোৰ বিক্ৰী কৰিব পৰা নাই ।

আনহাতে অজয় ​​ফৌজীৰ দোকানলৈ আহি এজন গ্ৰাহকে দোকানত নিয়োজিত বাউন্সাৰে কিনাৰ আগতে বিলাহীখিনি চুই বাচিব ধৰোতেও বাধা দিয়া বুলিও অভিযোগ কৰে । তেওঁৰ অভিযোগ, কিনাৰ আগতে বাছি নুলিয়ালে বিলাহীকেইটা তেওঁ কেনেকৈ কিনিব ? তাৰোপৰি তেওঁৰ পৰা ৩টা বিলাহীৰ দাম বিচৰা হৈছিল ৩৫ টকা ।

উল্লেখ্য যে যোৱা সপ্তাহৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত বিলাহীৰ মূল্য অকল্পনীয় হাৰত বৃদ্ধি পাইছে । ইয়াৰ মূল্য কেতিয়া হ্ৰাস পাব সেয়া এতিয়াও কোনেও নিশ্চিতভাৱে ক’ব পৰা নায় ।

লগতে পঢ়ক: Self reliant Jamugurigat : ড্ৰেগন ফলৰ খেতি কৰি স্বাৱলম্বী হৈছে জামুগুৰিহাটৰ এজন যুৱক