Rupahihat Murder Case : পুত্ৰৰ প্ৰহাৰত মৃত্যু ৫০ বছৰীয়া নিজ মাতৃৰ
ৰূপহীহাট, ১০ জুলাই : ৰাজ্যত সংঘটিত হৈছে সংঘটিত এক ভয়ংকৰ ঘটনা(Rupahihat Murder)। নিজ পুত্ৰৰ হাততে প্ৰাণ গ’ল এগৰাকী মাতৃৰ। এই জঘণ্য ঘটনা সংঘটিত হৈছে ৰূপহীহাটত(Son killed his mother in Ruphihat)।
ৰূপহীহাটৰ বৰপকাত চাঞ্চল্যকৰ হত্যা কাণ্ড। কুলাংগাৰ পুত্ৰৰ প্ৰহাৰত মৃত্যু ৫০ বছৰীয়া নিজ মাতৃৰ। পাৰিবাৰিক কন্দলৰ বাবেই মাতৃক হত্যা কৰে ঘাতক কুলাংগাৰ জিয়াবুৰ ৰহমানে।
জানিব পৰা মতে জিয়াবুৰ ৰহমান নামৰ এজন যুৱকৰ প্ৰহাৰত মৃত্যু হয় ৫০ বছৰীয়া মাতৃৰ। পাৰিবাৰিক কন্দলৰ বাবে সংঘটিত হোৱা এই হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্য সৃষ্টি কৰিছে।
মাতৃহন্তা জিয়াবুৰে বাঁহেৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে নিজ মাতৃক। এই হত্যাকাণ্ড সংঘটিত কৰিয়েই ঘৰ এৰি পলায়ন কৰে জিয়াবুৰ ৰহমানে।
পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয়হি ৰূপহীহাট আৰক্ষী। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। অৱশ্যে এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই হত্যাকাৰী জিয়াবুৰ ৰহমানক।
লগতে পঢ়ক : Congress leader Manjit Mahanta Passes Away : বিশিষ্ট সাংবাদিক, ৰাজনীতিবিদ মনজিত মহন্তৰ পৰলোকপ্ৰাপ্তি