Local, Vocal, Global

হোষ্টেলৰ কোঠালিত ছাত্ৰীৰ আত্মহত্যা !

বজালী জিলাত শোকাৱহ ঘটনা। শনিবাৰে পুৱা বজালী জিলাৰ অন্তৰ্গত পাঠছালাত প্ৰথম বৰ্ষৰ ছাত্ৰীৰ আত্মহত্যা। ঘটনাটো সংঘটিত হৈছে পাঠছালাৰ মহাবিদ্যালয় পথত অৱস্থিত কৃষ্ণ কান্ত হেণ্ডিক জুনিয়ৰ কলেজত ।বাতৰি অনুসৰি, ছাত্ৰীগৰাকীক মহাবিদ্যালয় চৌহদৰ হোষ্টেলৰ কোঠাৰ ভিতৰত ওলমি থকা অৱস্থাত দেখা পোৱা গৈছিল।ঘটনাৰ খবৰ পাই স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাটোৰ তদন্ত আৰম্ভ কৰে।কিন্তু আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

আন এটা ঘটনা, যোৱা মাহত গুৱাহাটী ভঙাগড় সংঘটিত হৈছিল। এগৰাকী যুৱতীয়ে নিজৰ ঘৰত আত্মহত্যা কৰিছিল।

মৃত যুৱতী গৰাকীক শ্ৰেয়া দেৱী বুলি চিনাক্ত কৰা হৈছিল, যি উৰিষ্যাত অধ্যয়ন কৰি থকা এগৰাকী চিকিৎসা বিদ্যাৰ্থী আছিল। শ্ৰেয়া দেৱী ঘৰত ওলমি থকা অৱস্থাত পোৱা গৈছিল।তথ্য অনুসৰি ছাত্ৰী গৰাকী হতাশাত ভুগি আছিল।সেই বাবে এই কঠিন পদক্ষেপ হাতত লৈছিল।