চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, অভিযানত জব্দ ৩০ টাকৈ গৰুৰ মূৰ !

চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।অভিযানত অসম আৰক্ষীয়ে শুকুৰবাৰে নগাঁও জিলাত এখন ট্ৰাকৰ পৰা জব্দ কৰে ৩০ টাকৈ গৰুৰ মূৰ ।আৰক্ষীৰ এটা দলে ৰাহা অঞ্চলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাক জব্দ কৰে।জব্দ কৰা ট্ৰাক খনত উদ্ধা কৰে গৰুৰ মূৰ কেইটা।ৰাজ্য়ৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে গৰু,ম’হ আদি অবৈধভাৱে সৰবৰাহ হৈ আছে।ইফালে আৰক্ষীয়ে এই চক্ৰটোৰ বিৰুদ্ধে কঠোৰ হৈছে।আৰক্ষীৰ চকুত ধূলি দি চক্ৰটোৱে গৰু সৰবৰাহৰ ক্ষেত্ৰত নতুন নতুন কু-পন্থা হাতত লোৱা দেখা গৈছে।এইবাৰ ট্ৰাকৰ ভিতৰৰ পৰা উদ্ধাৰ গৰুৰ মূৰ।ট্ৰাকখন বোকাখাতৰ ফালৰ পৰা গৈ আছিল তেতিয়াই ইয়াক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাধা প্ৰদান কৰে আৰু জব্দ কৰে বাহন খন।
ট্ৰাকৰ চালককো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।গ্ৰেপ্তাৰকাৰী চালকজন ইক্ৰামুল হক বুলি চিনাক্ত কৰা হৈছে।অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।