গেছ, পেট্ৰ’ল, খাদ্য সামগ্ৰীৰ যোগান বন্ধ কৰাৰ কঠোৰ নিৰ্দেশ
![woman-in-face-mask getting vaccinated against-Covid-19 at clinic](https://mynewsne.com/wp-content/uploads/2021/11/a25.jpeg)
মহাৰাষ্ট্ৰৰ ঔৰাংগাবাদ জিলা প্ৰশাসনে ক’ভিড ভেকচিন গ্ৰহণ নকৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।ঔৰাংগাবাদ জিলা প্ৰশাসনে জিলাখনৰ গেলামাল দোকান, গেছ এজেঞ্চি আৰু পেট্ৰ’ল পাম্প সমূহক এপালিও ক’ভিড ভেকচিন গ্ৰহণ নকৰা লোক সকলক খোৱা সামগ্ৰী, গেছ আৰু পেট্ৰ’ল নিদিবলৈ আহ্বান জনাইছে।
এইক্ষেত্ৰত জিলা প্ৰশাসনে সংশ্লিষ্ট ব্যক্তিসকলৰ ক’ভিড ভেকচিন গ্ৰহণ কৰাৰ প্ৰমাণপত্ৰ পৰীক্ষা কৰাৰ বাবে নিৰ্দেশ দিয়ে।আনহাতে, যদিহে কোনো দোকানী, গেছ এজেঞ্চি আৰু পেট্ৰ’ল পাম্পে প্ৰশাসনৰ এই নিৰ্দেশ অমান্য কৰে তেন্তে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও সকীয়নি দিয়ে।
উল্লেখযোগ্য যে, ক’ভিডৰ প্ৰথম আৰু দ্বিতীয় সংক্ৰমণত দিল্লী আৰু মুম্বাইত ভয়াৱহ ক’ভিড সংক্ৰমণ হৈছিল ক’ভিডৰ তৃতীয় ঢৌৰ পূৰ্বে যাতে এই ঢৌক সম্পুৰ্ণৰূপে প্ৰতিহত কৰিব পৰা যায় তাৰ প্ৰতি এতিয়াৰে পৰা সতৰ্ক হৈ আছে মহাৰাষ্ট্ৰ চৰকাৰ।