Local, Vocal, Global

গুলীয়াই হত্যা কৰা বুলি খবৰ প্ৰকাশৰ পাছতে ‘মই জীয়াই আছো’ বুলি ক’লে তাৰকা খেলুৱৈয়ে

‘মই জীয়াই আছো’ গুলীয়াই হত্যা কৰা বুলি খবৰ প্ৰকাশৰ পাছতে এনেদৰে ক’লে এইগৰাকী তাৰকা খেলুৱৈয়ে । ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযোদ্ধা “নিশা দাহিয়াক” গুলিয়াই হত্যা কৰা সন্দৰ্ভত বাতৰি প্ৰকাশ হোৱাৰ পাছতে নিশা দাহিয়াই ইষ্টাগ্ৰামত এটা ষ্টোৰী শ্বেয়াৰ কৰে।

একাংশ সংবাদ মাধ্যমত নিশা দাহিয়া আৰু তেওঁৰ ভাতৃক হাৰিয়ানাত গুলিয়াই হত্যা কৰা বুলি বাতৰি প্ৰকাশ হোৱাৰ পাছতে নিশা দাহিয়াই সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ সুস্থ ৰূপে জীৱিত হৈ থকা বুলি প্ৰকাশ কৰে।

“মই ছিনিয়ৰ পৰ্যায়ৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে গোন্দালৈ আহিছো,” ইষ্টাগ্ৰামত এইদৰে লিখে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু গৰাকীয়ে।

নিশা দাহিয়াৰ লগতে আন এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ অলিম্পিকৰ পদক বিজয়ী মল্লযোদ্ধা সাক্ষী মালিকেও নিশা দাহিয়াৰ সৈতে একেলগে থকাৰ ফটো টুইটাৰত পোষ্ট কৰি নিশা এতিয়াও জীৱিত হৈ আছে বুলি লিখে।

উল্লেখযোগ্য যে, কিছু সংখ্যক সংবাদমাধ্যমত মল্লযোদ্ধা নিশা দাহিয়া আৰু তেওঁৰ ভাতৃক গুলিয়াই হত্যা কৰা বুলি খবৰ প্ৰকাশ পাইছিল।