আজৱ…বিবাহ সম্পন্ন কৰিয়েই পৰীক্ষাত বহিল দৰা,গাড়ীত বহি অপেক্ষাৰত কইনা

ডিজিটেল ডেস্ক:-এটা আমোদজনক দৃশ্য দেখা গ’ল ধৰ্মনগৰী হৰিদ্বাৰত, বিবাহ সম্পন্ন কৰি এজন দৰাই পোনে পোনে এল এল বি পৰীক্ষা দিবলৈ যায়৷ আৰু তেওঁৰ কইনাজনীয়ে বাহিৰত গাড়ীত ৰৈ থাকিল। পৰীক্ষা শেষ হোৱাৰ লগে লগে দৰা ওলাই অহে আৰু ইয়াৰ লগে লগে কইনাৰ মুখত হাঁহি বিৰিঙি উঠে, কাৰণ তাইৰ নতুন জীৱনৰ লগতে ভৱিষ্যতৰ কথাও চিন্তা কৰি দৰাজনে এল এল বিৰ পৰীক্ষাত বহিছিল। হৰিদ্বাৰ শ্যামপুৰ কাংৰি গাজীৱালাৰ বাসিন্দা তুলসী প্ৰসাদৰ হাৰিয়ানাৰ হিছাৰত বিবাহপাশত আবদ্ধ হয় দুয়ো। এল এল বিৰ পৰীক্ষা থকাৰ বাবে দৰা বিদায়ৰ পিছত ঘৰলৈ যোৱা নাছিল, প্ৰথমে এল এল বিৰ পৰীক্ষা দিবলৈ আহিছিল দৰাজনে৷

দৰা তুলসী প্ৰসাদে কয় যে মই হিছাৰত বিয়া হৈছিলো, কিন্তু ঠিক পিছদিনা এল এল বিৰ পৰীক্ষা আছিল, মই পোনে পোনে ঘৰলৈ গ’লে আমাৰ দেৰি হ’লহেঁতেন, গতিকে মই কলেজলৈ আহিলোঁ পৰিক্ষা দিবলৈ৷
এই সন্দৰ্ভত আইন মহাবিদ্যালয়ৰ অধ্যক্ষ অশোক কুমাৰ তিৱাৰীয়ে কয় যে ছাত্ৰজনৰ এল এল বি ৫ম ষান্মাসিকৰ পৰীক্ষা আছিল। এই পৰিক্ষাতটো নিদিয়া হয় দৰাজনৰ এবছৰ নষ্ট হ’লহেঁতেন, গতিকে বিয়াৰ সাজতে দৰাজনক পৰিক্ষাত বহিৰ অনুমতি প্ৰদান কৰা হ’ল৷

আইন মহাবিদ্যালয়ৰ অধ্যক্ষই গৰাকীয়ে আৰু কয় যে, বিয়াৰ পিছত দৰা তুলসী প্ৰসাদে নিজৰ ঘৰলৈ নগ’ল আৰু পোনে পোনে কলেজলৈ পৰীক্ষা দিবলৈ আহিল। নতুন জীৱনৰ আৰম্ভণিৰ লগে লগে তেওঁ প্ৰথম অগ্ৰাধিকাৰ পৰীক্ষাটোক দিলে। এইটো সুবেই প্ৰশংসনীয় বিষয়।” তাৰ লগতে তেওঁৰ কইনাগৰাকীও আহি গাড়ীত দৰালৈ অপেক্ষা কৰি থাকিল।
বিয়া পাতি তুলসী প্ৰসাদে নতুন জীৱন আৰম্ভ কৰিছিল। ভৱিষ্যতৰ চিন্তাত প্ৰথমে কলেজত উপস্থিত হ’ল এল এল বি পেপাৰখন দিবলৈ। তুলসী প্ৰসাদৰ এই পদক্ষেপক সকলোৱে শলাগ লৈছে, কাৰণ তুলসী প্ৰসাদে নতুন জীৱনৰ লগতে নিজৰ ভৱিষ্যত উজ্জ্বল কৰি তুলিবলৈও এই পৰীক্ষা উপস্থিত হ’ল ৷