Local, Vocal, Global

নিজৰ সাহস আৰু বুদ্ধিৰ বলত এক ভয়ংকৰ বিপদৰ পৰা নিজক ৰক্ষা কৰিলে এগৰাকী মহিলায়ে।

ডিজিটেল ডেস্ক:-এগৰাকী সাহসী মহিলায়ে তেওঁক ধৰ্ষণ কৰিবলৈ অহা পাশৱ টোৰ ওঁঠ কামুৰি আঘাত কৰি সাৰি আহিবলৈ সক্ষম হয়।
জানিব পৰা মতে, ভুক্তভোগী মহিলাগৰাকীয়ে এখন পথাৰত কাম কৰি থকাৰ অৱস্থাতেই কোনো দুষ্ট প্ৰকৃতিৰ যুৱক এজনে নিজৰ কামনাৰ বলি কৰিব খুজিছিল মহিলাগৰাকীক ৷
যুৱকজনে মহিলাগৰাকীক ধৰ্ষণৰ চেষ্টা চলাইছিল তাৰপাছতেই  মুক্ত হ’বলৈ বাৰে বাৰে চেষ্টা চলাই মহিলাগৰাকীয়ে অৱশেষত নিজৰ দাঁতেৰে যুৱকজনৰ ওঁঠত উপৰ্যুপৰি কামুৰ আঘাতপ্ৰাপ্ত কৰে মহিলাগৰাকীয়ে । ইয়াৰ ফলত ওঁঠ ছিগি যায় যুৱকজনৰ। এই ঘটনা উত্তৰ প্ৰদেশৰ মেৰুট সংঘটিত হৈছে বুলি জানিব পৰা গৈছে৷
এই ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীত আহি উপস্থিত হয়। আৰক্ষীয়ে যুৱকজনক আটক কৰে৷ ইয়াৰ পাছত যুৱকজনক দৌৰালাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে ভর্তি কৰোৱা হয়৷
মহিলাগৰাকীৰ এই সাহসক বৰ্তমান সকলোৱে প্ৰশংসা কৰিছে৷