Local, Vocal, Global

Leopard scare continues in Mohanbari : ডিব্ৰুগড়ৰ মোহনবাৰীত নাহৰফুটুকীৰ আতংক

নিউজ ডেস্ক, ৩ মাৰ্চ : ৰাজ্যত বাঘৰ সন্ত্ৰাস । বাঘৰ সন্ত্ৰাসত আতংক ৰাইজ (Leopard scare continues in Mohanbari ) ।

অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত সাধৰণতে বহু জন্তু এতিয়া নামি আহে সমতল ভূমিলৈ। বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে বন্যপ্ৰাণী। ফলত সৃষ্টি হৈছে সংঘাত।

শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা দিয়া হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো বহু সময়ত প্ৰাণ গৈছে(Leopard scare continues in Mohanbari )।

ডিব্ৰুগড়ৰ বাঘৰ আতংক । ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত বছৰৰ পাচত বছৰ বাঘৰ ত্ৰাসৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে ৰাইজ । বন বিভাগে জিলাখনৰ বিভিন্ন প্ৰান্তত বাঘ পিঞ্জৰাবদ্ধ কৰিছে যদিও বাঘৰ উপদ্ৰৱ কমা নাই ।

ডিব্ৰুগড়ৰ মোহনবাৰীত নাহৰফুটুকীৰ আতংক । জনবসতিপূৰ্ণ এলেকাৰ এটা কালভাৰ্টৰ ভিতৰত সোমাল নাহৰফুটুকীটো । নাহৰফুটুকীটোক চাবলৈ হেতা-ওপৰা কৰে স্থানীয় ৰাইজে । বৰ্তমান বন বিভাগৰ কোনো লোক উপস্থিত হৈছে যদিও অঞ্চলটোত মাৰ যোৱা নাই আতংকময় পৰিৱেশৰ ।

উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে একেটা অঞ্চলৰ অন্য এটা কালভাৰ্টৰ ভিতৰত নাহৰফুটুকী বাঘ সোমাইছিল ৷ আজি পুনৰ আকৌ কালভাৰ্টৰ ভিতৰত নাহৰফুটুকী সোমোৱাত আচৰিত হৈ পৰিছে স্থানীয় ৰাইজ ।

লগতে পঢ়ক : Dead Body Recovered in Merapani : পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ