SRK spotted at Mumbai airport: আমেৰিকাত দুৰ্ঘটনা সংঘটিত হোৱাৰ উৰাবাতৰিৰ মাজতে মুম্বাই বিমানবন্দৰত SRK
মুম্বাই, ৫ জুলাই : এদিন পূৰ্বে ছুপাৰষ্টাৰ শ্বাহৰুখ খান আমেৰিকাত আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ ওলাইছিল । ইয়াৰ পিছতে বুধবাৰে পুৱাৰ ভাগত আমেৰিকাৰ পৰা ভাৰতলৈ উভতি অহাৰ সময়ত অভিনেতা শ্বাহৰুখ খানক দেখা যায় মুম্বাই বিমানবন্দৰত (Actor Shah Rukh Khan return to India) ।
নীলা ৰঙৰ হুডি চুৱেটাৰ (blue hoody sweatshirt) পৰিহিত কিং খানক আন দিনাৰ দৰেই সুঠাম দেখা গৈছিল । কম্ফি পেণ্ট আৰু বগা টি-চাৰ্টটোৱে তেওঁক টিমড আপ কৰিছিল (King Khan looked handsome) । লগতে ক’লা টুপী আৰু ছানগ্লাছযোৰে তেওঁ নিজৰ লুকটোক আকৰ্ষণীয় কৰি তুলিছিল ।
ফটো সংগ্ৰহ (ANI)
খবৰ অনুসৰি লছ এঞ্জেলছত এটা প্ৰজেক্টৰ শ্বুটিঙৰ সময়ত শ্বাহৰুখ খান আঘাতপ্ৰাপ্ত হৈছিল আৰু তেও নাকত আঘাত পাইছিল (Shah Rukh got injured and hurt his nose) । প্ৰতিবেদন অনুসৰি তেওঁক লগে লগে চিকিৎসা প্ৰদান কৰা হৈছিল ।
ইফালে শ্বাহৰুখ খানৰ পত্নী গৌৰী আৰু পুত্ৰ আবৰামকো মুম্বাই বিমানবন্দৰত দেখা গ’ল (Shah Rukh Khan wife Gauri and son AbRam)। মাতৃ-পুত্ৰই ইজনে সিজনৰ হাতত ধৰাধৰিকৈ হাঁহি ধেমালিৰে বিমান বন্দৰৰ ভিতৰত খোজ কাঢ়ি গৈ থকা দেখা গৈছিল ।
ফটো সংগ্ৰহ (ANI)
গৌৰীয়ে প্ৰিণ্টেড নীলা ফ্লৰেল ড্ৰেচৰ লগত পৰিধান কৰা ক’লা ব্লেজাৰটোৱে তেওঁক টপড আপ কৰি তুলিছিল। ক’লা হেণ্ডবেগ আৰু ছানগ্লাছ এযোৰেৰে তেওঁৰ লুকটো অতিকে সুন্দৰ কৰি তুলিছিল । ইফালে কেজুৱেল আউটফিটত তেওঁলোকৰ সন্তান আবৰামক দেখা গৈছিল অতিকে কিউট।
ফটো সংগ্ৰহ (ANI)
সততে ‘কিং অৱ ৰোমাঞ্চ’(King of Romance) বুলি কোৱা শ্বাহৰুখ খানে নিঃসন্দেহে তেওঁৰ অসংখ্য ৰোমান্টিক ছবিৰ জৰিয়তে বিশ্বজুৰি লাখ লাখ লোকৰ হৃদয়ত এক অমলিন চিন ৰাখিছে। এছ আৰ কেয়ে বিভিন্ন ধাৰাত বিস্তৃত চৰিত্ৰক চিত্ৰিত কৰাৰ বিপৰীতে তেওঁৰ ৰোমান্টিক ছবিয়ে তেওঁৰ অনুৰাগীৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছে। তেওঁ আমাক অসংখ্য ৰোমান্টিক কমেডী আৰু তীব্ৰ প্ৰেম কাহিনী দিছে যিবোৰ কালজয়ী ক্লাছিক হৈ পৰিছে। ডিম্পল হাঁহিৰে সুদৰ্শন যুৱ হাংকে ২৫ জুনত বলীউডত ৩১ বছৰ সম্পূৰ্ণ কৰিলে (Shah Rukh Khan completed 31 years in bollywood)।
শ্বাহৰুখ খান, যাক সততে ‘কিং অৱ ৰোমাঞ্চ’ বুলি কোৱা হয়, তেওঁৰ অভিনীত ৰোমাণ্টিক ছবিবোৰে বিশ্বজুৰি লাখ লাখ লোকৰ হৃদয়ত নিঃসন্দেহে এক মচিব নোৱাৰা ছাপ পেলাই আহিছে । যদিও কিং খানে বিভিন্ন ধৰণৰ চৰিত্ৰত অভিনয় কৰিছে, তথাপি তেওঁৰ ৰোমাণ্টিক ছবিসমূহে তেওঁৰ অনুৰাগীৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে । তেওঁ আমাক অসংখ্য ৰোমান্টিক কমেডি আৰু প্ৰেমেৰে ভৰপূৰ প্ৰেমকাহিনী দিছে, যিবোৰ সদায় কালজয়ী হৈ থাকিব । এইগৰাকী ইয়ং হাংকে যোৱা ২৫ জুনত বলীউডত ৩১ বছৰ সম্পূৰ্ণ কৰিলে ।
৪ বছৰৰ বিৰতিৰ অন্তত চলিত বৰ্ষৰ জানুৱাৰী মাহত মুক্তি পোৱা সিদ্ধাৰ্থ আনন্দৰ ব্লকবাষ্টাৰ একচন থ্ৰিলাৰ ‘পাথান’ৰ জৰিয়তে শ্বাহৰুখে পুনৰ প্ৰত্যাৱৰ্তন কৰিছিল । শীঘ্ৰেই তেওঁক দেখা যাব ‘জৱান’ আৰু ‘ডুংকি’- এই দুখন নতুন ছবিত । এটলীৰ পৰিচালনাত নিৰ্মিত ‘জোৱান’ ছবিখনে অহা ৭ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি লাভ কৰাৰ কথা। ছবিখনত বিজয় ছেঠুপটি আৰু নয়নতৰাইও অভিনয় কৰিছে।
অভিনেতাগৰাকীক ছলমান খানৰ টাইগাৰ ৩ ছবিখনতো cameo appearanceত দেখিবলৈ পোৱা যাব (cameo appearance in Salman Khans Tiger 3) । তাৰ পিছত তেওঁ ৰাজকুমাৰ হিৰানীৰ ‘ডাংকি’ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিব।
‘ডাঙ্কি’য়ে তাপসী পান্নুক ছাহৰুখৰ প্ৰথম অন-স্ক্ৰীণ সহ শিল্পী হিচাপে চিহ্নিত কৰিব । ছবিখন এই বছৰৰে ডিচেম্বৰতে মুক্তি পোৱাৰ কথা ।
কেৱল চলমান খানৰ টাইগাৰ 3-তে cameo appearance হিচাবেযে ওলাব এনে নহয়, তেওঁক কৰণ জোহৰৰ ‘ৰকি আৰু ৰাণী কি প্ৰেম কাহানী’তো এক বিশেষ উপস্থিতিৰে দেখিবলৈ পোৱা যাব ।
মঙলবাৰে, প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰে প্ৰকাশ কৰে যে, আলিয়া ভাট আৰু ৰণবীৰ সিং অভিনীত চলচ্চিত্ৰখনত ছাহৰুখে এটা বিশেষ চৰিত্ৰত অভিনয় কৰিব নে নাই ।
কৰণে তেওঁৰ আহিবলগীয়া ছবিখনৰ সম্পৰ্কত অনুৰাগীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ উদ্দেশ্যে মঙলবাৰে সন্ধিয়া ইনষ্টাগ্ৰামত লাইভত আহিছিল (Karan went live on Instagram) । ইয়াতে তেওঁৰ এজন অনুৰাগীয়ে সুধিছিল যে তেওঁ নিজেও ছবিখনত অভিনয় কৰিছে নেকি ? যাৰ উত্তৰত তেওঁ কৈছিল,”আপোনালোক সকলোৰে সৌভাগ্য যে মই ছবিখনত নাই।”
তেওঁৰ এগৰাকী অনুৰাগীয়ে শ্বাহৰুখ খান ছবিখনত আছে নেকি বুলি সোধাত ছবি নিৰ্মাতা কৰণে উত্তৰ দিলে, “নাই, শ্বাহৰুখ ছবিখনত নাই।” অৱশ্যে তেওঁ লগতে কয় যে, তেওঁলোকৰ সৈতে এছ আৰ কেৰ আশীৰ্বাদ সদায় আছে।
উল্লেখ্য যে, কৰণৰ পৰিচালনাৰ শেষৰখন ছবি ‘এ দিল হে মুস্কিল’ত কিং খানক এটা বিশেষ কেমিঅ’ চৰিত্ৰত দেখা গৈছিল ।
ইফালে লাইভটোত কৰণ জোহৰে তেওক নতুন ছবিখনত ৰখা বিশেষ কেমিঅ’ৰ বিষয়ে কৈ কিছু ইংগিত দিয়াৰ লগতে কৈছিল, “চিনেমাখনত তিনিটা special cameo role আছে । অৱশ্যে মই এতিয়া এটাও নাম প্ৰকাশ কৰিব নোৱাৰিম।”