Local, Vocal, Global

Mushalpur delimitation peace rally by UPPL : মুছলপুৰস্থিত দূৰ্গা মন্দিৰ প্ৰাঙ্গণত শান্তি সমাৱেশত অংশ লয় সহস্ৰাধিক পুৰুষ মহিলা

মুছলপুৰ, ৫ জুলাই : মুছলপুৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাস্তৱতাৰ ওপৰত শান্তি সমাৱেশ(Mushalpur delimitation peace rally by UPPL) । বাক্সা জিলাৰ সদৰ মুছলপুৰস্থিত দূৰ্গা মন্দিৰ প্ৰাঙ্গণত আজি এক শান্তি সমাৱেশত অংশ লয় সহস্ৰাধিক পুৰুষ মহিলাই(Mushalpur delimitation peace rally by UPPL) ।

ইউ.পি.পি.এল দলৰ উদ্যোগত অনুষ্ঠিত হোৱা শান্তি সমাৱেশত(Peace rally on the reality of delimitation) অংশ লোৱা পুৰুষ মহিলা সকলে হাতে হাতে প্লেকাৰ্ড লৈ শান্তি আৰু ঐক্য ধ্বংস কৰা বন্ধ কৰক, প্ৰমোদ বড়ো জিন্দাবাদ, বাক্সা এছ.টি বিধানসভা সমষ্টি স্বাগতম, হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ, বি.পি.এফ মুৰ্দাবাদ শ্লোগান গাই পৰিৱেশ উত্তাল কৰি তোলে । তেওঁলোকে মুছলপুৰ চহৰৰ মাজেৰে এক সমদলো উলিয়ায় ।

উক্ত সমাৱেশত উপস্থিত থাকি কেন্দ্ৰীয় ইউপিপিএলৰ ৰাজনৈতিক সম্পাদক মাধৱ চেত্ৰীয়ে কয় যে , বিটিআৰত ওদালগুৰি লোকসভা সমষ্টি ইউপিপিএলে নিজৰ স্বাৰ্থত নিবিচৰা বুলি হাগ্ৰামা মহিলাৰীয়ে কোৱা কথাটোৰ কোনো ভিত্তি নাই । আমি ইউপিপিএলেও বিচাৰো বিটিআৰত থকা ৩৫ লক্ষ ভোটাৰৰ বাবে দুটা সমষ্টি হওক । কিন্তু বৰ্তমান কেৱল ১৯ লক্ষ ভোটাৰক লৈ কোকৰাঝাৰ লোকসভা সমষ্টি হৈছে । অৰ্থাৎ বহুখিনি ভোটাৰ বাদ পৰিছে । ইতিমধ্যে দুটা সমষ্টি নিৰ্ধাৰণৰ বাবে আমি নিৰ্বাচন আয়োগক স্মাৰকপত্ৰ দিয়া প্ৰমাণ আমাৰ হাতত আছে । লগতে তেওঁ কয় যে আমি সূতা কম্বলৰ আদান-প্ৰদানেৰে উন্নয়ন দেখুৱাব বিচৰা নাই । আমি শৈক্ষিক দিশ, ক্ৰীড়াৰ দিশ ইত্যাদিত উন্নতি কৰিব বিচাৰিছো ।

আনহাতে ইউপিপিএলৰ মুছলপুৰ পৰিষদীয় সমষ্টিৰ এম.চি.এল.এ তথা বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই কয় যে হাগ্ৰামা মহিলাৰী মানসিক ৰোগত ভূগিছে যাৰবাবে তেওঁ কি কয় নিজে নাজানে । কেতিয়াবা তেওঁ খ্ৰীষ্টানক বেয়াকৈ কয় আকৌ গীৰ্জাত যায় । কেতিয়াবা মুছলমানক বেয়াকৈ কয় আকৌ ঈদত মুছলমানৰ টুপী পিন্ধে । মই তেওঁক কও যে, তেওঁ এতিয়া ৰাজনীতিৰ পৰা অৱসৰ লৈ নিজৰ যতন লওক । এনেয়েও মদ-ভাং খাই যি-টি কৈ ফুৰে । মদ-ভাং খাই থকা হাগ্ৰামা মহিলাৰীয়ে Delimitation ৰ অৰ্থ নাজানে । লগতে সমষ্টি পুনৰ নিৰ্ধাৰণত ওদালগুৰি লোকসভা সমষ্টি নোহোৱা কথাটোত হাগ্ৰামা মহিলাৰীয়ে ইউপিপিএলক দোষ দিয়া কথাটো নিন্দাজনক আখ্যা দি মহিলাৰীয়ে বাৰে বাৰে শান্ত বিটিআৰক অশান্ত কৰিবলৈ চেষ্টা কৰা বুলি উল্লেখ কৰে কাৰ্যবাহী সদস্য গৰাকীয়ে ।

লগতে পঢ়ক : Kamal Kumar Medhi Suspended From AAP : AAPৰ পৰা নিলম্বনৰ পিছত প্ৰতিক্ৰিয়া কমল মেধিৰ