Local, Vocal, Global

ইউনেস্ক’ৰ সৃজনশীল চহৰৰ তালিকাত স্থান শ্রীনগৰৰ

ভূস্বর্গখ্যাত জম্মু–কাশ্মীৰৰ ৰাজধানী শ্রীনগৰৰ নয়নাভিৰাম দৃশ্যৰ কথা সকলোৰে জ্ঞাত ৷ ইউনেস্ক’ৰ তৰফৰ পৰা এই চহৰখনত সৃজনশীল চহৰৰ তালিকাত ৰখা হৈছে ৷ চহৰখনৰ ঐতিহ্যশালী হস্তশিল্প, লোকসংস্কৃতিক ৰাষ্ট্রসংঘৰ শাখা সংস্থাটোৰ স্বীকৃতি দিয়া হৈছে ৷

বিশ্বৰ ৯০ খন দেশৰ ২৪৬ চহৰৰ ভিতৰত ৪৯ খনক সৃজনশীল চহৰ আখ্যা দিয়া হৈছে ৷ প্রধানমন্ত্রী মোদীয়ে শ্রীনগৰৰ এই নতুন খিতাপক লৈ টুইটাৰ যোগে অতি আনন্দিত বুলি ঘোষণা কৰিছে ৷

“সুন্দৰ শ্ৰীনগৰে ইউনেস্কো ক্ৰিয়েটিভ চিটিজ নেটৱৰ্ক (ইউচিচিএন)ত ইয়াৰ শিল্প আৰু লোককলাৰ বাবে এক বিশেষ উল্লেখ ৰখাত আনন্দিত। এইটো শ্ৰীনগৰৰ জীৱন্ত সাংস্কৃতিক নীতিৰ বাবে এক উপযুক্ত স্বীকৃতি। জম্মু-কাশ্মীৰৰ জনসাধাৰণক অভিনন্দন জনাইছো। ” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰিছে ।