Local, Vocal, Global

শ্ৰীলংকাৰ নৌবাহিনীয়ে গ্ৰেপ্তাৰ কৰিলে ১৬ ভাৰতীয় মাছমৰীয়াক

নিউজ ডেস্ক, ২৪ মাৰ্চঃ শ্ৰীলংকাৰ নৌসেনা বাহিনীয়ে সামুদ্ৰিক সীমা উলংঘন কৰা অভিযোগত ১৬ জন ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ কৰে।

শ্ৰীলংকাৰ নৌবাহিনীয়ে গ্ৰেপ্তাৰ কৰা মাছমৰীয়া কেইজন তামিলনাডুৰ বুলি জানিব পৰা গৈছে।
লগতে মীন বিভাগৰ বিষয়াসকলে কয় যে, লংকাৰ নৌসেনাই দুখন যান্ত্ৰিক নাও জব্দ কৰে।

এই মাছমৰীয়াসকলক মাছ ধৰি থকা অৱস্থাত কাচ্চাথিভুৰ ১২ জন আৰু বাকীসকলক মান্নাৰ উপসাগৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

উল্লেখ্য যে, এই মাছমৰীয়াসকলক কেতিয়া কেনেকৈ মুকলি কৰি দিব এতিয়াও স্পষ্ট হোৱা নাই।