Local, Vocal, Global

মাত্ৰ ২৫ বছৰ বয়সতে অৱসৰ টেনিছ তাৰকা এছলি বাৰ্টিৰ

নিউজ ডেস্ক,২৪ মাৰ্চঃ সমগ্ৰ টেনিছ বিশ্বক আশ্বৰ্য কৰি মাত্ৰ ২৫ বছৰ বয়সতে বিশ্বৰ এক নম্বৰ টেনিছ তাৰকা এছলি বাৰ্টিয়ে অৱসৰ ঘোষণা কৰে।

সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ এই সিন্ধান্তৰ বিষয়ে অৱগত কৰাৰ পিছত স্তম্ভিত হৈ পৰিল সমগ্ৰ ক্ৰীড়াজগত। দুমাহ পূৰ্বে অষ্ট্ৰেলিয়ান অ’পেন জয় কৰে অষ্ট্ৰেলিয়ান টেনিছ তাৰকা গৰাকীয়ে।

২০১৯ চনত ফ্ৰেন্স অ’পেনৰ পৰাই শীৰ্ষস্থান নিজৰ দখলত ৰাখিছিল বাৰ্টিয়ে। বহুমুখী প্ৰতিভাৰ বাৰ্টিয়ে অষ্ট্ৰেলিয়াৰ বিগ বেছ লীগত ব্ৰীছবেন হিটছৰ হৈ ৯ খন ক্ৰিকেট মেচো খেলিছে বাৰ্টিয়ে।

কিন্তু ক্ৰিকেটে মন ভৰাব নোৱাৰাত ২০১৬ চনত পুনৰ উভটিছিল টেনিছ ক’ৰ্টলৈ। মহিলা টেনিছৰ সিংহাসনত থাকি অৱসৰ লোৱা ঘটনাই সকলোকে স্তম্ভিত কৰিছে।