Local, Vocal, Global

অৰ্থনৈতিক সংকটত শ্ৰীলংকা, বন্ধ কৰি দিয়া হৈছে ছ’চিয়েল মিডিয়া চাইট

নিউজ ডেস্ক, ৩ এপ্ৰিলঃ মূল্যবৃদ্ধিয়ে জুৰুলা কৰা শ্ৰীলংকাত বলবৎ কৰা হৈছে কাৰ্ফিউৰ ঘোষণা । শ্ৰীলংকাত ৩৬ ঘণ্টাৰ সান্ধ্য আইন ঘোষণা কৰা হৈছে। একে সময়তে, সমগ্ৰ দেশতে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰো বন্ধ কৰা হৈছে। খবৰ অনুসৰি, সমগ্ৰ দেশতে খাদ্য সংকট আৰু ইন্ধনৰ অভাৱৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰে ।

 ইফালে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্সাই এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে। দেশখনত পদ-পথত, উদ্যান, সমুদ্ৰ তীৰত মানুহৰ চলাচলৰ ওপৰত নিষেধাজ্ঞা কাৰ্যকৰী কৰা হৈছে। লগতে কোৱা হৈছে যে, নাগৰিকসকলে ৩৬ ঘণ্টাত ৰাজহুৱা পৰিবহন ব্যৱহাৰ কৰিব নোৱাৰিব। অৱশ্যে, বিশেষ ক্ষেত্ৰত লিখিত অনুমতি লৈ ঘৰৰ পৰা ওলাই যাব পাৰিব নাগৰিকসকল।

উল্লেখ্য যে, শ্ৰীলংকা চৰকাৰে ফেচবুক, টুইটাৰ, হোৱাটচএপ, ইউটিউব, গুগল, টিকটক, টেলিগ্ৰাম আদি সকলোধৰণৰ চ’ছিয়েল মিডিয়া প্লেটফৰ্মতে নিষেধাজ্ঞা আৰোপ কৰিছে।

পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এতিয়া দেশখনত অতিৰিক্ত সেনা মোতায়ন কৰা হৈছে। প্ৰশাসনে স্পষ্ট কৰি দিছে যে প্ৰয়োজন হ’লে  যিকোনো লোকক গ্ৰেপ্তাৰ কৰিব পাৰে। তাৰ বাবে  ৱাৰেণ্টৰ প্ৰয়োজন নহব । এক কথাত, শ্ৰীলংকা চৰকাৰে প্ৰতিবাদ আৰু প্ৰতিবাদৰ মোকাবিলা কৰিবলৈ দমনৰ পথ লৈছে।