Local, Vocal, Global

আজিৰ পৰা আৰম্ভ হ’ল পবিত্ৰ ৰমজান মাহ

নিউজ ডেস্ক, ৩ এপ্ৰিলঃ আজি ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ ৰমজান মাহৰ আৰম্ভণি। শনিবাৰে চন্দ্ৰ প্ৰত্যক্ষ কৰাৰ পিছত আজিৰ পৰা ইছলামধৰ্মী লোকসকলে পালন কৰিব ৰোজা।ৰমজানৰ বাবে বিশ্বজুৰি ইছলামধৰ্মী লোকসকলৰ মাজত বিৰাজ কৰিছে আনন্দ-উছাহ।

এটা বছৰ প্ৰতীক্ষাৰ অন্তত মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ দুৱাৰডলিত আহি উপস্থিত হৈছে পূণ্যময়ী মাহ পবিত্ৰ ৰমজান। বিশুদ্ধ মনেৰে ৰমজান মাহলৈ সাজু হৈছে সকলো।

উল্লেখ্য যে, ৰমজান মুছলমানসকলৰ বাবে আটাইতকৈ পবিত্ৰ মাহ । এই মাহত মুছলমানসকলে ৰোজা ৰাখি আল্লাৰ উপাসনা কৰে ।

ৰমজানৰ পবিত্ৰ দিনবোৰত উপবাস খাটি, মানৱতাৰ সেৱা কৰি আৰু ঈশ্বৰৰ উপাসনাৰ দৰে কামে ধৈৰ্য্য, আত্ম-অনুশাসন, সহনশীলতা, সৰলতা আদিৰ মূল্যবোধক প্ৰসাৰত সহায় কৰে বুলি মুছলমানসকলে বিশ্বাস কৰে ৷