Local, Vocal, Global

লখিমপুৰত ভয়ংকৰ অগ্নিকাণ্ড, জুইত ভষ্মীভূত হ’ল বাসগৃহ

নিউজ ডেস্ক,৩ এপ্ৰিলঃ লখিমপুৰৰ ফুলবাৰীত ভয়ংকৰ অগ্নিকাণ্ড। ফুলবাৰীৰ ভিতৰিপাম আদিবাসী গাঁৱত সংঘটিত হৈছে এই অগ্নিকাণ্ড।

লেনচন তিৰ্কী নামৰ লোকজনৰ বাসগৃহত সংঘটিত হৈছে এই অগ্নিকাণ্ড। ঘৰত কোনো লোক নথকাৰ অৱস্থাত জ্বলি উঠে লেনচন তিৰ্কীৰ বাসগৃহটো।

এই অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জুইত জাহ যায় বাসগৃহটো। লগতে বহুটো লাগতিয়াল নথিপত্ৰ এই অগ্নিকাণ্ডত জাহ যায়।

এতিয়ালৈকে সময়লৈকে অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা নাই। স্থানীয় লোকে বহু কষ্ট কৰিও জুই নুমুৱাবলৈ সক্ষম হোৱা নাই।