শ্ৰীলংকাত জৰুৰী স্বাস্থ্য অৱস্থা ঘোষণা
নিউজ ডেস্ক, ৫ এপ্ৰিলঃ শ্ৰীলংকাত জৰুৰী স্বাস্থ্য অৱস্থা ঘোষণা। জীৱনদায়িনী ঔষধৰ নাটনিৰ বাবেই এই জৰুৰী অৱস্থা ঘোষণা কৰে। মঙলবাৰৰ পৰাই এই জৰুৰী অৱস্থা কাৰ্যকৰী কৰা হয়।
বৰ্তমান অধিক গুৰুতৰ হৈ পৰিছে শ্ৰীলংকাৰ পৰিস্থিতি। ইয়াৰপূৰ্বেও শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল।
শ্ৰীলংকাৰ চৰকাৰী চিকিৎসা বিষয়া সংস্থাৰ (জিএমঅ’এ) জৰুৰীকালীন সাধাৰণ সমিতিৰ বৈঠকৰ পিছতে ৰোগীৰ জীৱন ৰক্ষাৰ বাবে এই সিদ্ধান্ত ঘোষণা কৰা হয়।
আনহাতে জিএমঅ’এ চৰকাৰৰ দুৰ্বল ব্যৱস্থাপনাৰ বাবে দেশখনত ঔষধৰ নাটনিৰ কথাও প্ৰকাশ কৰে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে শুকুৰবাৰে ‘ৰাজহুৱা সুৰক্ষা আৰু ৰাজহুৱা শৃংখলা বজাই ৰখা’ নিশ্চিত কৰিবলৈ দেশজুৰি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল।