Local, Vocal, Global

অভিনেতা ছলমান খানলৈ চমন জাৰি উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্ক, ৫ এপ্ৰিল : মুম্বাইৰ এগৰাকী স্থানীয় সংবাদিকৰ সৈতে বেয়া ব্যৱহাৰ আৰু ভাবুকি দিয়াৰ গোচৰত বোম্বে আদালতে চমন জাৰী কৰিছে অভিনেতা ছলমান খানৰ বিৰুদ্ধে। স্থানীয় সাংবাদিকৰ দ্বাৰা ৰুজু হোৱা গোচৰৰ ভিত্তিত বোম্বে আদালতৰ পৰা চমন জাৰি কৰা হৈছিল অভিনেতা ছলমান খানলৈ আৰু এই গোচৰৰ ওপৰত ভিত্তি কৰিয়েই ছলমান খানে গোচৰ খাৰিজ কৰাৰ বাবে কাষ চাপিছে উচ্চ ন্যায়ালয়ৰ।

অভিনেতা ছলমান খানলৈ চমন জাৰি উচ্চ ন্যায়ালয়ৰ

অভিনেতা ছলমান খানে স্থানীয় সাংবাদিক অশোক পাণ্ডেক কৰা বেয়া ব্যৱহাৰ আৰু ভাবুকি দিয়া গোচৰ খাৰিজ কৰিবলৈ আহ্বান জনায় উচ্চ ন্যায়ালয়ক । ইতিমধ্যে অভিনেতা গৰাকীয়ে চিআৰপিচি ৪২৮ ৰ অধীনত ন্যায়ালয়ত আৱেদন দাখিল কৰিছে।

অভিনেতা ছলমান খানলৈ চমন জাৰি উচ্চ ন্যায়ালয়ৰ

উল্লেখ্য যে,এক গোচৰৰ ভিত্তিত ২০১৯ চনত অভিনেতা ছলমান খান আৰু তেওঁৰ দেহাৰক্ষী নৱাজ শ্বেখলৈ চমন জাৰি কৰিছিল উচ্চ ন্যায়ালয়ে । গোচৰ ৰুজু কৰা সাংবাদিক গৰাকীয়ে অভিযোগ কৰা অনুসৰি মুম্বাইৰ ৰাজপথত চাইকেল চলাই থকাৰ সময়ত ছলমান খানে তেওঁৰ ফোনটো কাঢ়ি লয় আৰু তেওঁক ভাবুকি প্ৰদান কৰে।