বঙাইগাঁৱত পথ দুৰ্ঘটনাঃ নৈত পৰি মৃত্যু দুজন সাংবাদিকৰ

নিউজ ডেস্ক, ৫ এপ্ৰিল : বঙাইগাঁও জিলাৰ বৰঘোলা-কাহিবাৰী সংযোগী দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত বাহনৰ সৈতে নৈত পৰিল সাংবাদিকসহ দুজন লোক। দুৰ্ঘটনাটোত থিতাতে নিহত হয় সাংবাদিক আব্দুল লতিফ আৰু দীপাংকৰ ৰায়।
ইতিমধ্যে পুৱা উদ্ধাৰ কৰা হৈছে দুয়োজন সাংবাদিকৰে মৃতদেহ। নিহত দুয়ো গৰাকী জড়িত আছিল সদৌ অসম ছাত্ৰ সন্থাৰ সৈতেও আৰু লগতে আছুৰ প্ৰাক্তন কৰ্মী আছিল দুয়োজন সাংবাদিক। স্থানীয় বিহু উদযাপন কমিটীৰ লগতে বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত আছিল তেওঁলোক।

বৰ্তমান উক্ত দুৰ্ঘটনাটোক লৈ সৃষ্টি হৈছে ৰহস্যৰ। ই এক পৰিকল্পিত হত্যাকাণ্ড নে দুৰ্ঘটনা সেয়া লৈওঁ উত্থাপন হৈছে প্ৰশ্নৰ। আই নদীৰ ওপৰত ৪১ কোটি টকীয়া দলংৰ পূৱ দিশত নদীৰ পৰি ৰৈছে চাৰিচকীয়া বাহনখন । পুৱাৰ ভাগত পানীৰ তলৰ পৰা উদ্ধাৰ কৰে দুয়োজন সাংবাদিকৰ মৃত্যুদেহ। পাৰঘাটত ছিণ্ডিকেটৰাজ চলোৱা চক্ৰৰ সৈতে মতানৈক্য হৈছিল সাংবাদিক জনৰ ।
বৰ্তমান সমগ্ৰ ঘটনাৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে আৰক্ষী। এই ঘটনাই শোঁকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।