Local, Vocal, Global

পুনৰ খেলপথাৰলৈ শ্ৰীসন্থ

২২ গজৰ খেলপথাৰলৈ পুনৰ উভতিল ভাৰতীয় বেগী বলাৰ শ্ৰীসন্থ । ২০১৩ চনৰ দেশ কপোঁৱা স্পট্ ফিক্সিং কেলেংকাৰীৰ পিছত বিগত ৬ বছৰে ক্ৰিকেট জগতৰ পৰাই আঁতৰত আছিল বেগী বলাৰ শ্ৰীসন্থ । কিন্তু শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে শ্ৰীসন্থক স্পট্ ফিক্সিং কেলেংকাৰীত জড়িত নহয় বুলি ক্লীনচীট দিয়াৰ পিছতে ক্ৰিকেটলৈ উভতিবলৈ সাজু হৈছে  শ্ৰীসন্থ । কেৰালা ক্ৰিকেট সন্থাও  শ্ৰীসন্থলৈ দিলে সেউজ সংকেত। কেৰালা ক্ৰিকেট সন্থাই জনোৱা অনুসৰি আগন্তুক ৰঞ্জী ছিজনত শ্ৰীসন্থক কেৰালাৰ জাতীয় দলত অন্তৰ্ভুক্ত কৰিব ।  এই সিন্ধান্তৰ পিছতে  শ্ৰীসন্থৰ জীৱনলৈ উভতি আহিব ক্ৰিকেট  জীৱন ।

২০১৩ চনৰ দেশ কপোঁৱা স্পট্ ফিক্সিং কেলেংকাৰীত দিল্লী আৰক্ষীয়ে শ্ৰীসন্থ ,অজিত সাণ্ডিল্য আৰু অংকিত সাৱনক গ্ৰেপ্তাৰ কৰিছিল । উল্লেখযোগ্য যে ২০০৭ চনৰ টী-২০ বিশ্বকাপ আৰু ২০১১ চনৰ এদিনীয়া বিশ্বকাপ বিজয়ী দলৰ ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সদস্য আছিল শ্ৰীসন্থ ।

কেৰালা ক্ৰিকেট সন্থাৰ এই  সিন্ধান্তৰ বাবে শ্ৰীসন্থয়ে  KCAক ধন্যবাদ জনোৱাৰ লগতে ২০২৩ চনত ভাৰতত আয়োজন হ’ব লগা বিশ্বকাপত  ভাৰতীয় জাৰ্চী পিন্ধি পুনৰ ক্ৰিকেট খেলিবলৈ সাজু হৈছে ।