Local, Vocal, Global

বীৰ শ্বহীদৰ শেষকৃত্য

লাডাখ সীমান্তত দেশমাতৃৰ হকে প্ৰাণ আহুতি দিয়া কৰ্ণেল সন্তোষ বাবুসহ ২০ বীৰ শ্বহীদ জোৱানৰ অন্ত্যেষ্টিক্ৰিয়া বৃহস্পতিবাৰে সম্পন্ন কৰা হয়৷ অশ্ৰুসিক্ত নয়নেৰে বীৰোচিতক শেষ বিদায় জনোৱা হ’ল দেশমাতৃৰ ২০ সুযোগ্য সন্তানক৷ চীনা সৈন্যৰ হাতত নিহত ১৬নং বিহাৰ ৰেজিমেণ্টৰ কৰ্ণেল সন্তোষ বাবুৰ শেষকৃত্য সম্পন্ন কৰা হয় তেলেংগানাৰ সূৰ্যপেট জিলাৰ কেশৰাম গাঁৱৰ নিজ গৃহৰ কৃষিপাম চৌহদত৷ অন্ত্যেষ্টিক্ৰিয়াথলীত গুণমুগ্ধৰ ‘কৰ্ণেল সন্তোষ অমৰ ৰহে’ ধ্বনিৰ লগতে ১৬নং বিহাৰ ৰেজিমেণ্টৰ গান চ্যেলুটৰ মাজত ৰাষ্ট্ৰীয় সন্মান প্ৰদৰ্শনেৰে অন্তিম বিদায় জনোৱা হয় বীৰ শ্বহীদজনক৷ তেলেংগানা চৰকাৰৰ মন্ত্ৰী-বিধায়ক তথা ৰাজ্যখনৰ একাধিক সাংসদকে ধৰি বিভিন্ন ক্ষেত্ৰৰ বহু বিশিষ্ট ব্যক্তিয়ে অন্ত্যেষ্টিক্ৰিয়াথলীত উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে বীৰ শ্বহীদৰ নশ্বৰ দেহত৷