Local, Vocal, Global

নিষেধাজ্ঞাৰ ম্যাদ আতৰিল শ্রীশান্থৰ পৰাই

দীর্ঘ প্রতীক্ষাৰ অন্ত পৰিল। ২০০৭ চনৰ টুৱেণ্টী২০ বিশ্বকাপ আৰু ২০১১ চনৰ ৫০ আভাৰৰ বিশ্বকাপ চেম্পিয়ন  ভাৰতীয় দলৰ সদস্য পেচ বলাৰ শান্তাকুমাৰণ শ্রীশান্থৰ বিৰুদ্ধে আৰােপিত নিষেধাজ্ঞাৰ ম্যাদ দেওবাৰে সম্পূর্ণ হয়। ক্রিকেটলৈ উভতি অহাৰ ক্ষেত্ৰত ক্রিকেটাৰজনৰ কোনাে বাধা নাথাকিব। স্বাভাৱিকতে ৩৭ বছৰীয়া শ্রীশান্থে এতিয়া যথেষ্ট স্বস্তি অনুভৱ কৰিছে।

নিষেধাজ্ঞাৰ ম্যাদ উকলাৰ পাছত শ্রীশান্থে কয় যে আৰু ৫ৰ পৰা ৭বছৰমান তেওঁৰ ক্রিকেট খেলাৰ সামর্থ্য আছে আৰু ঘৰুৱা ক্রিকেটত খেলাৰ সুযােগ পালে তেওঁ নিজৰ শ্ৰেষ্ঠ প্রদর্শন দেখুওৱাৰ চেষ্টা চলাব। উল্লেখ্য, কেৰালা ক্রিকেট সন্থাই ইতিমধ্যে ঘােষণা কৰিছে যে ফিটনেছৰ প্রমাণ দিব পাৰিলে শ্রীশান্থক পৰৱর্তী ৰঞ্জি ছীজনৰ বাবে সুযোগ প্ৰদান কৰিব।

২০১৩ চনত IPLত স্পট ফিক্সিঙৰ আভিযােগত শ্রীশান্থৰ লগতে ৰাজস্থান ৰয়েলছত তেওঁৰ আন দুজন সতীর্থ অংকিত চৱন আৰু অজিত চাণ্ডিলাক গ্রেপ্তাৰ কৰা হৈছিল। এই ঘটনাৰ পাছত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে তেওঁৰ বিৰুদ্ধে আজীৱন নিষেধাজ্ঞা আৰােপ কৰিছিল।
নিষেধাজ্ঞাৰ বিৰুদ্ধে শ্রীশান্থে আইনী যুঁজত আৱতীৰ্ণ হৈছিল আৰু দুবছৰ পাছত দিল্লীৰ বিশেষ আদালতে তেওঁক দোষমুক্ত ঘােষণা কৰিছিল। দুবছৰ পূর্বে কেৰালা উচ্চ ন্যায়ালয়ে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডক শ্রীশান্থৰ বিৰুদ্ধে থকাআজীৱন নিষেধাজ্ঞা উঠাই লােৱাৰ নির্দেশ দিছিল। কিন্তু ১বছৰ পাছত উচ্চতম ন্যায়ালয়ে একেটা অভিযােগতে ক্রিকেটাৰজনক দোষী সাব্যস্ত কৰিলেও তেওঁৰ শাস্তিৰ ম্যাদ হ্ৰাস কৰিবলৈ বি চি চি আইক নির্দেশ দিয়ে। সেই নির্দেশ অনুসৰি শ্রীশান্থৰ নিষেধাজ্ঞাৰ ম্যাদ ৭বছৰলৈ হ্রাস কৰা হৈছিল। ২০০৫ চনত আন্তঃৰাষ্ট্ৰীয় ক্রিকেটত আত্মপ্রকাশ কৰা শ্ৰীশান্থে ২৭খন টেষ্টত ৮৭, ৫৩খন এদিনীয়াত ৭৫টা দহখন টুৱেণ্টী২০ত ৭টা উইকেট দখল কৰিছে।