Local, Vocal, Global

‘ক’ভিড বিজয়ীয়ে নিয়মীয়াকৈ কৰক ব্যায়াম’

অসমকে আদি কৰি দেশতে ক’ভিডত্তোৰত কালত মৃত্যু হােৱা লােকৰ সংখ্যা বৃদ্ধি পাইছে। ক’ভিড পজিটিভ হৈ সুস্থ হৈ উঠিলেও অর্থাৎ নিগেটিভ’ হলেও ৰােগীসকলে পৰৱৰ্তী সময়ত শ্বাস-প্রশ্বাসকে ধৰি বিভিন্ন সমস্যাৰ সম্মুখীন হৈ চিকিৎসালয়ত ভর্তি হবলগীয়া হৈছে। আনকি পৰিস্থিতি এতিয়া এনে পর্যায় পাইছেগৈ ক’ভিডত্তোৰত কালত বিভিন্ন ৰােগৰ বাবে মৃত্যুক সাৱতিছে বহু লােকে। প’ষ্ট ক’ভিডজনিত কাৰণত পুনৰ চিকিৎসাধীন অথবা মৃত্যু হােৱা লােকৰ সংখ্যা বৃদ্ধি পােৱাত চিন্তিত কৰি তুলিছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়কে।
ক’ভিডত্তোৰতজনিত অসুবিধাৰ বাবেই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ দেওবাৰে তৃতীয়বাৰৰ বাবে চিকিৎসাধীন হ’ব লগা হৈছে। এনেবােৰ কাৰণতেই কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রণালয়ে দেওবাৰে প’ষ্ট ক’ভিড মেনেজমেন্ট প্ৰট’কল জাৰি কৰিছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে প’ষ্ট ক’ভিড ৰােগীৰ ক্ষেত্ৰত আয়ুর্বেদিক পৰামর্শও প্রদান কৰিছে। ক’ভিডজয়ী সকলক নিয়মিত ব্যায়াম, যােগাসন আৰু প্রাণায়ামৰ পৰামর্শ প্রদান কৰিছে। লগতে ক’ভিড সুস্থ ব্যক্তিসকলৰ দেহৰ অংগ-প্রতংগ সঞ্চালনত গুৰুত্ব প্রদান কৰিছে।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে প্ৰকাশ কৰা গাইডলাইনত উল্লেখ কৰিছে যে, ক’ভিড সুস্থ হলেও ৰােগীয়ে মাস্ক পৰিধান আৰু সামাজিক ব্যৱধান মানি চলাৰ লগতে দৈনিক যথেষ্ট পৰিমান গৰম পানী খাব লাগে। আয়ুষ মন্ত্রণালয়ে অনুমােদন দিয়া চৱনপ্রাশ পুৱা গাখীৰ বা গৰম পানীৰ লগত খাবলৈ পৰামর্শ প্রদান কৰিছে। তদুপৰি আয়ুষ কাথ, অস্বগন্ধা, আদা হালধি গুড়িৰ সৈতে গৰম গাখীৰ মিহলি কৰি নিয়মীয়া। খােৱাৰ বাবে ক’ভিড সুস্থ ৰােগীসকলক কোৱা হৈছে।

উল্লেখ্য যে শনিবাৰে অসমৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও ক’ভিড সুস্থ হোৱা ৰােগীয়ে মাস্ক পৰিধান আৰু সামাজিক ব্যৱধান মানি চলিবলৈ আহ্বান জনাইছে।