Local, Vocal, Global

৯ এপ্ৰিলৰ পৰা গুৱাহাটী ক’লকাতাৰ মাজত চলিব বিশেষ ট্ৰেইন

নিউজ ডেস্ক,৬ এপ্ৰিলঃ ৰে’লযাত্ৰী সকলৰ বাবে ভাল খবৰ। ৯ এপ্ৰিলৰ পৰা ২৯ মে’লৈ গুৱাহাটী আৰু ক’লকাতাৰ মাজত চলাচল কৰিব দ্বি-সাপ্তাহিক চুপাৰফাষ্ট গ্লীষ্মকালীন বিশেষ ট্ৰেইন।
অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ এই সিদ্ধান্ত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ।

০২৫১৮ গুৱাহাটী-কলকাতা স্পেচিয়েল ৰে’লখন চলিত চলিত বৰ্ষৰ ৯ এপ্ৰিলৰ পৰা মে’ ২৮ তাৰিখলৈ গুৱাহাটী ৰে’লৱে ষ্টেচনৰ পৰা প্ৰত্যেক বুধবাৰ আৰু শনিবাৰে নিশা ৯ বজাত প্ৰস্থান কৰিব আৰু পৰৱৰ্তী দিনৰ ৩ বজাত ক’লকাতাত উপস্থিত হ’ব।

আনহাতে, ০২৫১৭ ক’লকাতা-গুৱাহাটী বিশেষ ৰে’লখন ১০ এপ্ৰিলৰ পৰা ক’লকাতা ৰে’লৱে ষ্টেচনৰ পৰা প্ৰত্যেক বৃহস্পতিবাৰে আৰু দেওবাৰে চলাচল কৰিব। ক’লকাতাৰ পৰা নিশা ৯.৪০ বজাত ৰে’লখন প্ৰস্থান কৰিব আৰু গুৱাহাটীত পৰৱৰ্তী দিনা আবেলি ৩.৫৫ বজাত উপস্থিত হ’ব।