Local, Vocal, Global

মহানগৰীৰ হাতীগাঁৱত যুৱকৰ ৰহস্যজনক মৃত্যু

নিউজ ডেস্ক, ৬ এপ্ৰিলঃ মহানগৰীত ৰহস্যজনক অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ। হাতীগাঁৱৰ সিজুবাৰীস্থিত হোটেলত উদ্ধাৰ হোৱা যুৱকৰ মৃতদেহক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। যুৱকজনৰ মৃতদেহটো পেৰেডাইজ ইনোৰ ওপৰত অৱস্থিত ৰাজপেলেচ হোটেলত উদ্ধাৰ হয়।

মৃত যুৱকজন ফাইনেন্স কোম্পানীত কৰ্মৰত আছিল আৰু তেওঁৰ ঘৰ কামৰূপৰ ডিমুত। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, নিশা দুজন যুৱকৰ সৈতে যুৱকজনে হোটেলখনলৈ আহিছিল।

জানিব পৰা মতে, ৩ যুৱতীৰ সৈতে তিনি যুৱকে কৰিছিল পাৰ্টী। কিন্তু শোৱাপাটীত এগৰাকী যুৱক মৃত অৱস্থাত উদ্ধাৰ হয়।

নিশা হোটেলৰ ১০৮নং কোঠাত ৰহস্যজনকভাৱে মৃত্যুমুখত পৰে যুৱকগৰাকী। যুৱকজনৰ মৃত্যু কেনেকৈ হ’ল তাক লৈ ঘটনাস্থলীত উপস্থিত হৈ হাতীগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে ইতিমধ্যে ধ্রুৱজ্যোতি ডেকাৰ দুই বন্ধু দেৱৰাজ আৰু বিকি নামৰ দুই যুৱকক আটক কৰিছে।