Local, Vocal, Global

লংকাত যাত্ৰীবাহী বাছৰ পৰা হে’ৰইনসহ আটক চালক-হেন্দিমেন

নিউজ ডেস্ক,৬ এপ্ৰিলঃ লংকাত যাত্ৰীবাহী বাছৰ পৰা হিৰ’ইন সহ আটক তিনি চালক-হেন্দিমেন ।

লামডিংৰ পৰা নঁগাও অভিমূখে গৈ থকা অৱস্হাত ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত লংকাৰ শংকৰদেৱনগৰ আৰক্ষীৰ পহৰা চকীৰ সম্মূখত বাবা লোকনাথ নামৰ আল্ট্ৰা বাছৰ পৰা জব্দ কৰে হেৰ’ইনখিনি।

হেৰ’ইনখিনিৰ পৰিমান ২৪৬ গ্ৰাম আৰু বজাৰ মূল্য প্ৰায় ৫০ লাখ টকা বুলি জানিব পৰা গৈছে।আটকাধীন তিনিজনৰ নাম ক্ৰমে জুন্টি দাস, পিক্লু পাল আৰু মনোজ পাল।বৰ্তমান তিনিওজনক আটক লংকা আৰক্ষী থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।।

লামডিঙৰ পৰা নঁগাৱলৈ সৰবৰাহ কৰা হেৰ’ইনখিনিৰ সন্দৰ্ভত যাত্ৰীবাহী আল্ট্ৰাবাছখনৰ চালক – হেন্দিমেনক আটক কৰাৰ বিপৰীতে অন্য লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷

এক বিশেষ খবৰৰ ভিত্তিতে আৰক্ষীয়ে যাত্ৰীবাহী বাছখনত টালাচী কৰে আৰু বাছখনৰ যাত্ৰীৰ বস্তু ৰখা চেলফট এটা পলিথিনৰ ভিতৰত থকা লংপেণ্টৰ পৰা হেৰ’ইন খিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

এই হেৰ’ইনখিনি সৰবৰাহৰ লগত বাছখনৰ চালক- হেন্দিমেন জৰিত নে আন কোনো লোকে সৰবৰাহ কৰিছিল সেয়া আৰক্ষীৰ তদন্তহে পোহৰলৈ আহিব৷