Local, Vocal, Global

কৰিমগঞ্জত অবৈধ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ বিশেষ অভিযান

নিউজ ডেস্ক : ৰাজ্যত দিনক দিনে বৃদ্ধি পাই আহিছে ড্ৰাগছ সৰবৰাহকাৰীৰ সংখ্যা। আৰক্ষীৰ অভিযানত প্ৰত্যেক দিনাই আটক হয় চোৰাং ড্ৰাগছ সৰবৰাহকাৰী।

অসম আৰক্ষীৰ বিশেষ অভিযানত শনিবাৰে কৰিমগঞ্জ জিলাত জব্দ হৈছে ৫০৪ গ্ৰাম ওজনৰ হেৰোইন।

তাৰোপৰি জব্দ কৰা অবৈধ ড্ৰাগছৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰে এজন অভিযুক্তক।

কৰিমগঞ্জৰ ডিএছপি গীতাৰ্থ দেৱ শৰ্মাই জানিব দিয়ে যে গোপন তথ্যৰ ভিত্তিত কৰিমগঞ্জ আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়)ৰ নেতৃত্বত অভিযান চলিছিল। কৰিমগঞ্জ জিলা আৰক্ষীৰ এটা দলে কৰিমগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত টোল গেটৰ ওচৰত ৪৩ টা চাবোনৰ বাকচ ভৰ্তি ৫০৪ গ্ৰাম হেৰোইন উদ্ধাৰ কৰে আৰু জব্দ কৰে। আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰে আৰু এটা গোচৰ ৰুজু কৰে।