Local, Vocal, Global

এতিয়াৰে পৰা হোৱাটছএপ, ফেচবুকত ফোন কৰিলেও ভৰিব লাগিব পাৰে মাছুল!

নিউজ ডেস্ক : আপুনি হয়তো ভাবি আশ্চৰিত হৈছে হোৱাটছএপ, ফেচবুকত ফোন কৰিলে কিয় মাছুল ভৰিব লাগিব! প্ৰকৃততে, দেশত এক বিশেষ নিয়ম বলৱৎ হ’বলৈ গৈ আছে। যি নিয়ম বলৱৎ হ’লে আপুনি হোৱাটছএপ কল কৰাৰ বাবেও ধন পৰিশোধ কৰিব লাগিব।

মোডী চৰকাৰে জনসাধাৰণৰ মতামত জানিবলৈ টেলিকম বিধেয়কৰ এখন খচৰা মুকলি কৰিছে। বিধেয়কখনৰ এটা ব্যৱস্থা অনুসৰি হোৱাটছএপ, ফেচবুকৰ জৰিয়তে কল বা মেচেজ প্ৰেৰণ কৰাৰ সুবিধাটো টেলিকম সেৱা হিচাপে গণ্য কৰা হ’ব। টেলিকম সেৱা হিচাপে গণ্য কৰিলে কোম্পানীবোৰে অনুজ্ঞাপত্ৰ ল’ব লাগিব।

উল্লেখ্য যে, হোৱাটছএপ আৰু ফেচবুকৰ দৰে প্লেটফৰ্মে গ্ৰাহকসকললৈ বাৰ্তা বা কল প্ৰেৰণ কৰাৰ ফলত তেওঁলোকৰ ক্ষতি হয় হয় বুলি নিৰন্তৰ অভিযোগ কৰি আহিছিল। তেওঁলোকে কৈছিল যে হোৱাটছএপ আৰু ফেচবুকৰ দৰে প্লেটফৰ্মে প্ৰদান কৰা সেৱাসমূহ টেলিকম সেৱাৰ অধীনত পৰে।

আনহাতে, বিষয়টোৰ ওপৰত জনমত বিচাৰি কেন্দ্ৰীয় চৰকাৰে খচৰা বিধেয়কখন ৰাজহুৱা কৰিছে। ২০ অক্টোবৰলৈকে জনসাধাৰণে বিধেয়কৰ ব্যৱস্থাবোৰৰ বিষয়ে তেওঁলোকৰ মতামত প্ৰদান কৰিব পাৰিব।

জনসাধাৰণৰ মতামত গ্ৰহণ কৰাৰ পিছত বিধেয়কখন সংসদত উত্থাপিত হ’ব।