Local, Vocal, Global

মহালয়াৰ দিনটোতে অৰুণাচল প্ৰদেশত অঘটন

নিউজ ডেস্ক : মহালয়াৰ দিনটোতে সংঘটিত হৈছে অঘটন। দেওবাৰে অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সংঘটিত হৈছে বৃহৎ ভূমিস্খলন।

ভূমিস্খলনৰ ফলত টিপ্পি (Tippi ) গাঁৱত তিনিখন বাহন পাহাৰৰ ওপৰৰ পৰা নদীত পৰি গৈছে। বাতৰি অনুসৰি, পাহাৰৰ ওপৰৰ পৰা নদীত পৰি যোৱা বাহন কেইখন এখন মাৰুতি ভান, এখন অইল টেংকাৰ, আৰু এখন ব’লেৰো পিক-আপ ভেন।

অৱশ্যে, বাহনকেইখনৰ ভিতৰত থকা যাত্ৰীসকল সুৰক্ষিত বুলি জানিব পৰা গৈছে।

আনহাতে, ভূমিস্খলনৰ ফলত, বমডিলা-টাৱাং পথ অস্থায়ীভাৱে বন্ধ পৰিছে।