Local, Vocal, Global

বুধবাৰে শ্বিলঙত অনুষ্ঠিত এখন বৈঠকত Conrad Sangmaৰ বিশেষ ঘোষণা

নিউজ ডেস্ক, ১৪ জুলাই : বুধবাৰে শ্বিলঙৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক আৰক্ষীৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এখন বৈঠকত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ঘোষণা কৰে যে, মেঘালয় চৰকাৰে ৰাজ্যখনত আৰক্ষীৰ আন্তঃগাঁথনি মেৰামতি, নৱীকৰণ আৰু উন্নত কৰাৰ বাবে আৰক্ষী আন্তঃগাঁথনি নৱীকৰণ পুঁজি সৃষ্টি কৰিবলৈ সাজু হৈছে।

তাৰোপৰি, বৈঠকত ৰাজ্যিক আৰক্ষীৰ বিভিন্ন বিষয় আৰু আৰক্ষী বিষয়াসকলৰ কল্যাণ উন্নত কৰাৰ বাবে গ্ৰহণ কৰিব পৰা পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰা হয়।

বৈঠকত DGP L.R. Bishnoi আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।

কনৰাড চাংমাই কয়, ” যিবোৰ জিলাত এই ব্যৱস্থা নাই সেইবোৰ জিলাত আমি SP সকলৰ বাবে কাৰ্যালয় সৃষ্টি আৰু অনুমোদন কৰিম।”

চাংমাই কয় “আমি মুঠ ৭৬ খন আৰক্ষী থানাক নতুন বাহন আৰু কম্পিউটাৰ প্ৰদান কৰিম। আমাৰ আৰক্ষী হৈছে জনসাধাৰণৰ বাবে যোগাযোগৰ প্ৰথম বিন্দু আৰু তেওঁলোকে কেৱল আইন-শৃংখলাত তেওঁলোকৰ কৰ্তব্য পালন নকৰে কিন্তু জৰুৰী কালীন পৰিস্থিতিত বহুতো অতিৰিক্ত কাৰ্যকলাপত জড়িত হৈ আছে। আমি জিলাসমূহৰ উচ্চ যান-বাহন অঞ্চল আৰু দুৰ্ঘটনা প্ৰৱণ অঞ্চলসমূহক ক্ৰেইন আৰু এম্বুলেন্স প্ৰদান কৰিম যাতে মেঘালয় আৰক্ষীয়ে জনসাধাৰণক ভালদৰে সেৱা আগবঢ়াব পাৰে,”।

তেওঁ আৰু কৈছিল যে তেওঁৰ চৰকাৰে পূব খাচী পাহাৰ জিলাত যান-জঁট নিৰীক্ষণৰ বাবে ৬০ খন মটৰচাইকেলও দিব।

চাংমাই লগতে কয়, “জিলাসমূহত নিযুক্ত মেঘালয় আৰক্ষীৰ বিষয়াসকলৰ বাবে বাসস্থানৰ সুবিধাৰ অভাৱৰ বাবে, আমি কনিষ্টবল, এছআই আৰু ডিএছপিসকলৰ বাবে আৱাস প্ৰকল্প গ্ৰহণ কৰাৰ বাবে কেছ-টু-কেছ আধাৰ আৰু পৰ্যায় অনুসৰি পদ্ধতিৰ সিদ্ধান্ত লৈছো।”